ধেমাজিত বানাক্ৰান্ত কৃষকৰ বাবে সমূহীয়া কঠিয়াতলী প্ৰস্তুত...

কৃষি উন্নয়ন বিষয়া ৰেখাংকনা পেগুৱে আৰম্ভ কৰিলে এই আঁচনি
ধেমাজিত বানাক্ৰান্ত কৃষকৰ বাবে সমূহীয়া কঠিয়াতলী প্ৰস্তুত...
ধেমাজিত বানাক্ৰান্ত কৃষকৰ বাবে সমূহীয়া কঠিয়াতলী প্ৰস্তুত...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ বান পানীত ক্ষতিগ্ৰস্ত হোৱা চহা কৃষিজীৱী কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্য ধেমাজি কৃষি বিভাগে সমূহীয়াকৈ কঠিয়াতলী প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছে ৷ শুকুৰবাৰে ধেমাজি কৃষি বিভাগে ধেমাজি ১ নং বৰাচিৰা পথাৰত আৰ কে ভি ৱাই (RKVY) আচঁনিৰ অধীনত ৩ হেক্টৰ কৃষিভূমিত কঠিয়া বীজ আনুষ্ঠানিকভাৱে সিঁচি শুভাৰম্ভ কৰে ধেমাজি কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া ৰেখাংকনা পেগুৱে ৷

উল্লেখ্য যে এই বছৰ ধেমাজি জিলাত কেৱল ধেমাজি কৃষিচক্ৰৰ অধীনত ১০হেক্টৰ কৃষি ভূমিৰ চাৰি ঠাইত এনে সমূহীয়া কঠিয়াতলী প্ৰস্তুত কৰি দিছে কৃষি বিভাগে ৷ উন্নত জাতৰ ধানৰ বীজ ৰঞ্জিত চাব-১ কঠিয়াৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত কৃষিকৰ পৰিয়ালে সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে কৃষি বিভাগৰ লগতে বৰাচিৰা কৃষকসকলে৷

ধেমাজিত বানাক্ৰান্ত কৃষকৰ বাবে সমূহীয়া কঠিয়াতলী প্ৰস্তুত...
মাৰ্ঘেৰিটাত বান পীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰঃ মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in