গাই নদীত অবৈধ খননঃ ক্ষোভিত স্থানীয়ৰ উত্তাল প্ৰতিবাদ

৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাই নদীৰ দলঙৰ সমীপতে অবৈধভাৱে চলাই অহা বালি খনন কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নৈপৰীয়া ৰাইজ

author-image
Asomiya Pratidin
New Update
গাই নদীত অবৈধ খননঃ ক্ষোভিত স্থানীয়ৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমেজিঃ ধেমাজি জিলাৰ গাই নদীত চলিছে ভূ-মাফিয়াৰ অবৈধ খনন। ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাই নদীৰ দলঙৰ সমীপতে অবৈধভাৱে চলাই অহা বালি খনন কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নৈপৰীয়া ৰাইজ।

দিবা-নৈশ ফকলেণ্ড, এক্সকেভেটৰ জাতীয় গধুৰ যন্ত্ৰ চলাই ডাম্পাৰ আৰু ট্ৰেক্টৰৰ সহায়ত অহৰহ বালি কঢ়িয়াই নিয়াৰ অভিযোগ গঞাৰ। ভূ-মাফিয়াৰ দুষ্কাৰ্যৰ বাবে বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰক্ষাকৱচ স্বৰূপ মথাউৰিটো ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত প্ৰতিবাদমুখৰ হৈ পৰিল স্থানীয় ৰাইজ।

আনহাতে জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী চকু মুদা কুলিৰ ৰূপত অৱতীৰ্ণ হোৱাৰো অভিযোগ ৰাইজৰ। চকুৰ আগতে খননকাৰ্য হোৱাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। ভূ-মাফিয়াৰ কাৰ্যকলাপত অতিষ্ঠ ৰাইজে বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত গাইনদীত উপস্থিত হৈ নদীৰ খনন কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায়।

অবৈধ খনন বন্ধৰ দাবীত উত্তাল কৰি তোলে গাই নদীৰ বক্ষ। উক্ত সময়তে ঘটনাস্থলীত উপস্থিত হয় জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা। প্ৰতিবাদী ৰাইজে অভিযন্তাক বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়। কাৰ্যবাহী অভিযন্তা জনে ৭২ ঘণ্টাৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে ক্ষান্ত হয় ৰাইজ।

Also Read: পুনৰ এনকাউন্টাৰঃ মহানগৰীত চোৰলৈ বুলি আৰক্ষীৰ গুলী

Water Resources Department