ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যালয় উদ্বোধন...

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  মহাৰজত জয়ন্তীৰ কাৰ্যালয় উদ্বোধন...
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যালয় উদ্বোধন...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উপলক্ষে অহা ৩১ অক্টোবৰত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান, ৫ আৰু ৬ নৱেম্বৰত ক্ৰীড়া উৎসৱ,১৫ আৰু ১৬ নৱেম্বৰত সাহিত্য উৎসৱ, ৫, ৬ আৰু ৭ ডিচেম্বৰত সাংস্কৃতিক উৎসৱৰ শেষত ১৪,১৫ আৰু ১৬ ডিচেম্বৰত তিনি দিনীয়াকৈ সামৰণি অনুষ্ঠান জাকজমকতাৰে পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

এই উপলক্ষে সোমবাৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে ফিটাকাটি উদযাপন সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে৷ ইয়াৰ পূৰ্বে ধেমাজি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অমীয়া তামুলী বৰুৱাই বন্তি প্ৰজ্বলন কৰে৷

ইয়াৰ পিছতেই মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত উদযাপন সমিতিৰ পূৰ্ণাঙ্গ কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ সম্পাদক দেৱজ্যোতি কছাৰীয়ে ৷

উদ্দেশ্যে ব্যাখ্যাত সম্পাদকে মহাৰজত উদযাপন সমিতিৰ পৰিকল্পনা লগতে উপ- সমিতিসমূহৰ সৈতে আলোচনা আৰু গোহাৰি কাৰ্যক্ৰমণিকা প্ৰস্তত কৰা সম্পৰ্কে সভাখনি দিয়া হৈছে বুলি উল্লেখ কৰে ৷ সভাত মন্ত্ৰী পেগুৱে বক্তব্যত যোৱা এটা বছৰত বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে যথেষ্ট কষ্ট কৰাৰ কথা প্ৰশংসা কৰি পূৰ্বতে পৰি যোৱা বিদ্যালয়ৰ পৰা বৰ্তমানে ভাললৈ আহিছে আৰু সেইয়ে আমি অতি গৌৰৱে মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ পৰা হৈছোঁ বুলি উল্লেখ কৰে ৷

বক্তব্যত তেওঁ ব্যক্তিগত শিক্ষানুষ্ঠান এচ এফ এছ, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়কে ধৰি আন আন সকলো ব্যক্তিগত শিক্ষানুষ্ঠান আৰু বেছি ভাল হওক বুলি কৈ ধেমাজি উচ্চতৰ মাধ্যমিকখনো কিন্ত এক নম্বৰ হ'বই লাগিব বুলি উল্লেখ কৰে ৷ তাৰ বাবে আমি সকলোৱে চেলেঞ্জ কৰি আগবাঢ়ি লাগিব আৰু ইয়াৰ বাবে চৰকাৰৰ সহযোগিতা সদায় থাকিব বুলিও কয় ৷

প্ৰসংগক্ৰমে বক্তব্যত শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ত থকা ৩৫ হেজাৰ বিদ্যালয়ৰ বিপৰীতে মাধ্যমিক খণ্ডত মাত্ৰ ৩ হেজাৰ ৪০০ খন বিদ্যালয় আছে বুলি উল্লেখ কৰি মহাবিদ্যালয়সমূহত যেতিয়া একাদশ আৰু দ্বাদশ শ্ৰেণী ক্ৰমান্বয়ে বন্ধ হৈ যাব তেতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত এই দুই শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীয়ে যথেষ্ট বেছিকৈ অধ্যয়ন কৰিবলৈ যাব আৰু তেতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু প্ৰয়োজনীয় লেবটৰী সুবিধা বা অন্যান্য সুবিধা নাথাকিলে উচ্চতৰ মাধ্যমিক শিক্ষা খণ্ডসমূহ সাংঘাতিক ধৰনে ক্ষতিগ্ৰস্ত হ'ব ৷

সেইবাবে চৰকাৰে ইতিমধ্যে দুহেজাৰখন উচ্চতৰ মাধ্যমিক শিক্ষা খণ্ডলৈ প্ৰয়োজনীয় সকলো সা-সুবিধা থকা বিদ্যালয় গঢ় দিব বিছাৰিছোঁ বুলি অৱগত কৰে ৷ সভাত উদযাপন সমিতিৰ মূল সমিতিকে ধৰি মুঠ ১৮ খন উপ-সমিতিয়ে কৰিব লগা পৰিকল্পনাসমূহৰ সম্পৰ্কে অৱগত কৰে ৷

মহাৰজত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নবীন কামান আৰু যুটীয়া সম্পাদক কন্দৰ্প তামুলীয়ে ৷ সভাত উপ- সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকলে নিজৰ নিজৰ প্ৰস্তুতি পৰিকল্পনা সম্পৰ্কে দাঙি ধৰে ৷

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  মহাৰজত জয়ন্তীৰ কাৰ্যালয় উদ্বোধন...
বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা চিকিৎসাধীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in