ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ৰাজহুৱা সভা...

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ৰাজহুৱা সভা...
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ৰাজহুৱা সভা...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ ভালেকেইগৰাকী পুৰুধা ব্যক্তিৰ অশেষ ত্যাগ, কষ্ট আৰু আশাশুধীয়া প্রচেষ্টাত ১৯৪৯ চনত স্থাপিত হোৱা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে প্রতিষ্ঠা কালৰেপৰা ধেমাজিৰ লগতে ৰাজ্যখনৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্রলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। ঐতিহ্যমণ্ডিত বিদ্যালয়খনিয়ে আগন্তুক ২০২৪ চনত গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বর্ষত উপনীত হ'ব।

সেয়েহে বিদ্যালয়খনিৰ ন-পুৰণি ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী, শুভাকাংক্ষী তথা ধেমাজিবাসী ৰাইজৰ সহযোগত মহাৰজত জয়ন্তী বর্ষটি বর্ণাঢ্যভাৱে অনুষ্ঠিত কৰাৰ ব্যাপক পৰিকল্পনা হাতত লৈছে ৷ গৌৰৱোজ্জল মহাৰজত জয়ন্তী উদযাপনৰ বাবে এখন শক্তিশালী আৰু কার্যক্ষম উদযাপন সমিতি গঠন কৰাৰ উদ্দেশ্যৰে অহা ২৩ ডিচেম্বৰত দিনৰ ১১ বজাত এখনি ৰাজহুৱা সভা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাংগনত আয়োজন কৰিছে ৷

উক্ত সভালৈ বিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী, অভিভাৱক তথা ধেমাজিবাসী ৰাইজক বিদ্যালয়খনিৰ অধ্যক্ষা দেৱজ্যোতি কছাৰী আৰু পৰিচালনা সমিতিৰ সভাপতি নবীন কামানে আমন্ত্ৰণ জনাইছে ৷

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ৰাজহুৱা সভা...
কলিয়াবৰৰ হাতীমূৰাত পীযুষ হাজৰিকাঃ তিনি বছৰে সম্পূৰ্ণ ন’হল ১৩৫ কোটি টকীয়া আঁচনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in