ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সাহিত্য উৎসৱৰ সামৰণি

ধেমাজিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুদীৰ্ঘ ৭৫ বছৰীয়া বৰ্ণিল যাত্ৰা অতিক্ৰম কৰি চলিত বৰ্ষত গৌৰৱোজ্বল মহাৰজত জয়ন্তী বৰ্ষত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
মহাৰজত জয়ন্তী

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুদীৰ্ঘ ৭৫ বছৰীয়া বৰ্ণিল যাত্ৰা অতিক্ৰম কৰি চলিত বৰ্ষত গৌৰৱোজ্বল মহাৰজত জয়ন্তী বৰ্ষত উপনীত হৈছে। এই উপলক্ষে যোৱা ৩১ অক্টোবৰত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান আৰু দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়া মহোৎসৱৰ কাৰ্যসূচীৰ পিছত শনিবাৰে এদিনীয়াকৈ সাহিত্য উৎসৱ অনুষ্ঠিত হয় ৷

পুৱা ৯ বজাত ছুকাফা বঁটা প্ৰাপক তথা বিশিষ্ট টাই গৱেষক পণ্ডিত ড° পুষ্প গগৈয়ে এই সাহিত্য উৎসৱ উদ্বোধন কৰা পিছতেই ১৫ বিদ্যালয়ৰ মাজত কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় ৷ কুইজ প্ৰতিযোগিতাত প্ৰথম স্হান লাভ কৰে চিলাপথাৰ ইউটপিয়ান হাইস্কুলে। দ্বিতীয় স্হান লাভ কৰে নিলখ হাইস্কুলে আৰু তৃত্বীয় স্থান লাভ কৰে ধেমাজিৰ কিৰন একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলে ৷

দুপৰীয়া ১২ বজাত সাহিত্য সন্মিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷ সাহিত্য উৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ প্ৰাধ্যাপক 
ড° প্ৰাঞ্জল বুঢ়াগোঁহাই আৰু বিশিষ্ট গল্পকাৰ তথা নৰ্থ বেংক কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা গায়ত্ৰী দলেয়ে ৷

মহাৰজত জয়ন্তী

বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হোৱা কবি সন্মিলনখনি উদ্বোধন কৰে বিশিষ্ট কবি তথা ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী নিবেদিতা বড়া সন্দিকৈয়ে৷ ধেমাজি বিশিষ্ট কবি শৈশৱ কুমাৰ দত্তই সঞ্চালনা কৰা কবি সন্মিলনত আমন্ত্ৰিত বিশিষ্ট কবি অতিথি হিচাপে উপস্থিত থাকে মুমীন বৰকটকী বঁটা প্ৰাপক অংকুৰ ৰঞ্জন ফুকন, ৰাতুল কুমাৰ লাহন,বৈদ্য ব্ৰাইট বুঢ়াগোঁহাই, কৌস্তুভমনি নাথকে ধৰি অৰ্ধ শতাধিক কবি। 

সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত চৰকাৰী বিদ্যালয় শিক্ষকসকলৰ মাজত অনুষ্ঠিত হোৱা চিঠি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কানকুৰিকা উচ্চ বুনিয়াদী বিদ্যালয় মাজুলীৰ মৃনালিনী দেৱীয়ে,দ্বিতীয় স্হান লাভ কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোস্না বৰগোহাঁইয়ে
আৰু তৃতীয় স্হান যুটীয়াভাৱে লাভ কৰে উত্তৰ লখিমপুৰ চাবতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অনুপ কুমাৰ হাজৰিকা আৰু ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ
শিক্ষয়িত্ৰী সুশিলা ৰাজবংশীয়ে ৷

মহাৰজত জয়ন্তী

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা চিঠি লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ললিত বুঢ়াগোঁহাই আৰু দ্বিতীয় স্থান লাভ কৰে বিৰিঞ্চি বৰগোহাঁইয়ে ৷ সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা স্ব-ৰচিত গল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ছাত্ৰী নমী বৰা দ্বিতীয়  স্হান লাভ কৰে ছাত্ৰী ধৃতি দ্বিপা দত্ত আৰু তৃতীয় স্হান লাভ কৰে ছাত্ৰী পাহৰি কোঁৱৰে ৷

সদৌ অসম ভিত্তিত কবিতা লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰৰ ছাত্ৰী ময়ূৰী বৰগোহাঁই আৰু ছাত্ৰী হিৰণ্য সোনোৱালে ৷ সদৌ অসম ভিত্তিত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম শ্ৰেয়াশ্ৰী গগৈ, দ্বিতীয় বিৰাজ দত্ত আৰু তৃতীয় পৰি গগৈয়ে ৷ খ শাখাত প্ৰথম স্হান লাভ কৰে চন্দিকা দাস, দ্বিতীয় স্হান মন্টু কলিতা আৰু তৃতীয় স্হান লাভ কৰে অঞ্জনা বৰাই ৷ 

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়