হাজাৰ হাজাৰ শিশুৰ কলৰৱেৰে মুখৰিত ধেমাজি কাছাৰী ময়দান...

সদৌ অসম মইনা পাৰিজাত ধেমাজি জিলা মইনা পাৰিজাতৰ উদ্যোগত তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হৈছে সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ

author-image
Asomiya Pratidin
New Update
হাজাৰ হাজাৰ শিশুৰ কলৰৱেৰে মুখৰিত ধেমাজি কাছাৰী ময়দান...

ৰাজ্যিক শিশু সমাৰোহ

ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম মইনা পাৰিজাত ধেমাজি জিলা মইনা পাৰিজাতৰ উদ্যোগত তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হৈছে সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ ৷ শনিবাৰে দ্বিতীয়দিনা পুৱা ৬ .০০ বজাত নিজ নিজ শিবিৰত প্ৰাৰ্থনাৰে শিবিৰ এৰা পিছতেই পুৱা ৮ বজাত হাজাৰ হাজাৰ শিশুৱে পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহন কৰে ৷

সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ
সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ

ধেমাজি জিলা মইনা পাৰিজাতৰ শিশু অদিতি দত্তৰ দ্বাৰা মূল পতাকা লগতে সমান্তৰালভাৱে ৬৯ খন পতাকা উত্তোলন কৰে ৰাজ্যৰ বিভিন্ন জিলাৰ মইনা পাৰিজাতৰ মইনা সকলে ৷ পতাকা উত্তোলন কাৰ্য্যসূচীত ধেমাজি জিলা প্ৰশাসনৰ হৈ ধেমাজি জিলা উপায়ুক্ত পল্লৱী ফুকনে উপস্থিত থাকে৷ প্ৰতিকুল বতৰৰ মাজতেই পুৱা ৯.৩০ বজাত মাৰ্চপাষ্ট আৰু ব্যায়াম প্ৰতিযোগিতা, পুৱা ১০ বজাত উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোহাঁইৰ দ্বাৰা স্মৃতি তৰ্পন সমাপন কৰা হয় ৷ পুৱা ১০.১৫ বজাত খেল-ধেমালি প্ৰতিযোগিতাৰ কাৰ্য্যসূচী উদ্ধোধন কৰে গহপুৰ জিলা মইনা পাৰিজাতৰ মইনা তৰংগনা ফুকনে ৷

মইনা পাৰিজাত
মইনা পাৰিজাত

পুৱা ১০.৩০ বজাত সাহিত্য প্ৰতিযোগিতা সমান্তৰালভাৱে বিভিন্ন মঞ্চত চৰাইদেউ জিলা মইনা পাৰিজাতৰ চেমনীয়া সৃষ্টিশীল বৰগোহাঁইয়ে ,

আবৃত্তি প্ৰতিযোগিতাৰ উদ্ধোধন কৰে গোলাঘাট জিলা মইনা পাৰিজাতৰ মইনা নমিষা বৰাই ৷ পুৱা ১১.০০ বজাত সমাৰোহৰ প্ৰদৰ্শনী

দ্বাৰ উদঘাটন কৰে বোকাখাত জিলা মইনা পাৰিজাতৰ মইনা ভৈৰৱী গগৈয়ে ৷ বিয়লি ১.০০ বজাত “ মাধ্যম শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব নোৱাৰে ” শীৰ্ষক চেমনীয়াৰ তৰ্ক প্ৰতিযোগিতাৰ উদ্ধোধন কৰে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ চেমনীয়া নস্ৰা বন্ধন দত্তই ৷

শিশু সমাৰোহ
শিশু সমাৰোহ

তৰ্ক প্ৰতিযোগিতাত অসমৰ মুঠ ৩৭ গৰাকী মইনা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ বিয়লি ৪ .০০ বজাত গ্ৰন্হ উন্মোচনী আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। অসমৰ স্বাস্থ্য মন্ত্ৰী তথা সদৌ অসম মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্তই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা অনুষ্ঠানত ধেমাজি সমষ্টিৰ বিধায়ক তথা অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে শিশু সকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিশু সকলৰ উপযোগী সাবলীল বক্তব্য ৰাখে সাহিত্য অকাডেমী বটাঁ প্ৰাপক ও ঔপান্যাসিক-বিশিষ্ট সাহিত্যিক ড° জয়ন্ত মাধব বৰাই ৷

শিশু সমাৰোহ
শিশু সমাৰোহ

বক্তব্য প্ৰদানৰ পূৰ্বেই সাহিত্য অকাডেমী বটাঁ প্ৰাপক বৰাই উদযাপন সমিতিৰ দ্বীপেন ভিতৰুৱা কোৱঁৰ আৰু বাবুল গগৈয়ে যুটীয়াভাৱে সম্পাদনা কৰা সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ স্মৰণিকা “মৌগুঞ্জন” উন্মোচন কৰে ৷ একে সময়তে সদৌ অসম মইনা পাৰিজাতৰ ২০২৩ বৰ্ষৰ মুখপত্ৰ ৰাতুল বৰাই সম্পাদনা কৰা “মইনা“ উন্মোচন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে আৰু যোৰহাটৰ পৰা লৱ কুমাৰ দত্তৰ মু্খ্য সম্পাদনাত প্ৰকাশিত তিনিমহীয়া বাতৰি কাকত “মইনা- বাৰ্তা ” উন্মোচন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

উন্মোচন
উন্মোচন

অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতৰ ফালৰ পৰা বিভিন্ন বিষয়ত বিশেষভাৱে সৰ্ম্বধনা জনোৱা সকল হৈছে শিশুমহীয়ান হিচাপে গুৱাহাটীৰ তিলক চন্দ্ৰ ডেকা , যোৰহাটৰ প্ৰফুল্ল বৰা, মাজুলিৰ মাধবী দাস, বোকাখাতৰ সুৰেন্দ্ৰ নাথ গগৈ আৰু নামনি লখিমপুৰৰ বীৰেন শইকীয়াক ৷ শিশু বন্ধ হিচাপে সৰ্ম্বধনা জনোৱা সকল হৈছে ক্ৰমে চৰাইদেউৰ মৰোণোত্তোৰ ভাৱে সুনীল আকাশ ধনদিয়াক, মাজুলিৰ ত্ৰিবেনী পায়েং, কলিয়াবৰ পুলিন কাকতি, তেজপুৰৰ চালেহা খাতুন ,উত্তৰ লখিমপুৰৰ বিশ্ব বৰুৱা, তিতাবৰৰ বিনু গগৈ হাজৰিকা, ধেমাজিৰ পবিত্ৰ বৰগোহাঁই, তিতাবৰৰ জীৱকান্ত ফুকন, নগাঁৱৰ ইন্দু প্ৰভা বৰা, গোলাঘাটৰ ক্ৰমে বানীকান্ত ফুকন, জগত দত্ত আৰু শিবেন্দ্ৰ নাথ বৰা, বিশ্বনাথৰ ৰেনু বৰা, কলিয়াবৰ বিপুল কাকতি ,নামনি লখিমপুৰৰ ঘনশ্যাম বৰুৱা, গহপুৰৰ খগেন নেওগ , যোৰহাটৰ ক্ৰমে ফনী কোৱঁৰ, গোলাপ চন্দ্ৰ দত্ত আৰু অৰুণ চন্দ্ৰ দাস, শিৱসাগৰৰ সূৰ্য্যকান্ত ভূঞাঁ আৰু অশোক কুমাৰ চুতীয়াক ৷

উন্মোচন
উন্মোচন

Also Read: দুদিনৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ ছাফাৰি সেৱা..