ধেমাজি আৰক্ষীয়ে আত্মসাৎ কৰিলে নেকি নকল সোণ ব্যৱসায়ীৰ পৰা জব্দ কৰা ধন !

ধেমাজি আৰক্ষীয়ে আত্মসাৎ কৰিলে নেকি নকল সোণ ব্যৱসায়ীৰ পৰা জব্দ কৰা ধন !
ধেমাজি আৰক্ষীয়ে আত্মসাৎ কৰিলে নেকি নকল সোণ ব্যৱসায়ীৰ পৰা জব্দ কৰা ধন !
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষীয়ে শনিবাৰে সন্ধিয়া এক অভিযান চলাই চিলাপথাৰ নগৰৰ পালপট্টিৰ ৱাৰ্ডৰ ছলমান আলি নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা আশ্ৰয় লৈ থকা অৱস্থাত লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ২ নং কৰুণাবাৰীৰ ছাইদুল ইছলাম নামৰ নকল সোণ ব্যৱসায়ত জড়িত এজন ব্যক্তিক নগদ ধনসহ আটক কৰিছিল। এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত চিলপথাৰ আৰক্ষীয়ে ব্যক্তিজনৰ পৰা নগদ ৫.৫০ লাখ টকা আৰু ৫.২০ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰাৰ লগতে দুখন পালচাৰ বাইক জব্দ কৰিছিল বুলি চিলাপথাৰ আৰক্ষীয়ে সদৰি কৰিছিল।

এনে পৰিস্থিতিত এতিয়া মহিলাগৰাকী আৰু আৰক্ষীৰ ভাষ্যই ৰহস্যৰ সৃষ্টি কৰিছে। প্ৰথম কথা মহিলাগৰাকীয়ে তেওঁৰ স্বামী চোৰাং সোণৰ ব্যৱসায়ৰ লগত জড়িত থকা কথাটো স্বীকাৰ কৰিছে আৰু চিলাপথাৰৰ বিভিন্ন জনৰ পৰা ৪০ লাখ টকা সংগ্ৰহ কৰিছে বুলিও জনাইছে। ইয়াৰ পৰা স্পষ্ট হয় যে, চিলাপথাৰত ৰমৰমীয়াকৈ চোৰাং সোণৰ ব্যৱসায় এখন চলি আছে।

দ্বিতীয়তে আৰক্ষীয়ে এনে ধৰণৰ টকা-পইছাৰ অভিযানবোৰ কৰাৰ পাছতেই নানান অভিযোগ শুনিবলৈ পোৱা যায়। ইয়াৰ পূৰ্বে কেইমাহমানৰ পূৰ্বে ধেমাজিৰ আৰক্ষী অধীক্ষকৰ কথা মতে চিচিবৰগাঁও আৰক্ষীয়ে নিশা বগীবিল দলঙত চলোৱা অভিযানত শিৱসাগৰৰ গো-ব্যৱসায়ীৰ পৰা উদ্ধাৰ হোৱা ধনৰ ক্ষেত্ৰতো একেই বিতৰ্কৰ সৃষ্টি হৈছিল।

আৰু পঢ়কঃ

ধেমাজি আৰক্ষীয়ে আত্মসাৎ কৰিলে নেকি নকল সোণ ব্যৱসায়ীৰ পৰা জব্দ কৰা ধন !
গঠন হ'ব গ্ৰেটাৰ কোচবিহাৰ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈয়ে অনন্ত মহাৰাজৰ হুংকাৰ...

প্ৰথমে আৰক্ষী বিভাগৰ পৰাই বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰিছিল। সেই সময়তো আটক হোৱা ব্যক্তিসকলৰ আত্মীয়ই ধনৰ পৰিমাণ আৰক্ষীয়ে কোৱা ২৭.৫০ লাখতকৈ বহু বেছি আছিল বুলি চিচিবৰগাঁও আৰক্ষী চকীতে জানিবলৈ দিছিল। আনহাতেদি কিছুদিনৰ পূৰ্বে চিলাপথাৰত ৰে'লৰ পৰা উদ্ধাৰ হোৱা ধনৰ ক্ষেত্ৰতো তেনে অভিযোগ উত্থাপন হৈছিল। গতিকে বাৰে বাৰে আৰক্ষীয়ে জব্দ কৰা ধনৰ পৰিমাণক লৈ এইদৰে বিভ্ৰান্তিৰ সৃষ্টি হৈ অহাৰ আঁৰত যে ক'ৰবাত নহয় ক'ৰবাত একাংশ দুৰ্নীতি পৰায়ণ আৰক্ষীৰ অংক জড়িত হৈ আছে সেই কথাও কিন্তু চৰ্চালৈ আহিছে।

আৰু পঢ়কঃ

ধেমাজি আৰক্ষীয়ে আত্মসাৎ কৰিলে নেকি নকল সোণ ব্যৱসায়ীৰ পৰা জব্দ কৰা ধন !
নিশা জামুগুৰিহাটত ট্ৰাকৰ মুখামুখি সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in