নাপালে আৰ্থিক সাহায্যঃ ধেমাজিত বীৰ লাচিত সেনাৰ বিহুৰ বিভিন্ন কাৰ্যসূচী বাতিল...

হুচৰি ,বৰবিহুৱতী আৰু শোভাযাত্ৰাৰ কাৰ্য্যসূচী বাতিল
নাপালে আৰ্থিক সাহায্যঃ ধেমাজিত বীৰ লাচিত সেনাৰ বিহুৰ বিভিন্ন কাৰ্যসূচী বাতিল...
নাপালে আৰ্থিক সাহায্যঃ ধেমাজিত বীৰ লাচিত সেনাৰ বিহুৰ বিভিন্ন কাৰ্যসূচী বাতিল...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ বীৰ লাচিত সেনা,অসম ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ আঞ্চলিক সমিতিসমূহৰ সহযোগত অহা ৯ মে' পৰা তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনিৰ আৰ্থিক সাহাৰ্য নোপোৱা বাবেই সন্মিলনৰ তিনি কাৰ্য্যসূচী ক্ৰমে হুচৰি, বৰবিহুৱতী আৰু শোভাযাত্ৰাৰ কাৰ্য্যসূচী বিহু উদযাপন সমিতিয়ে বাতিল কৰিছে ৷

এক বিবৃতি যোগে উদযাপন সমিতিৰ সভাপতি মিন্টু গগৈ আৰু সম্পাদক মৃদৃল গগৈয়ে জনোৱা মতে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বিহু সন্মিলনৰ বাবে ইতিমধ্যে দিব লগা দাতাসকলে দিবলগীয়া ধন দিবলৈ নোৱাৰিম বুলি কোৱাৰ লগতে ধেমাজি ব্যৱসায়ী সন্থায়ো কোনো ধৰনৰ আৰ্থিক সাহাৰ্য নিদিয়াত উদযাপন সমিতিয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিছে ৷

নাপালে আৰ্থিক সাহায্যঃ ধেমাজিত বীৰ লাচিত সেনাৰ বিহুৰ বিভিন্ন কাৰ্যসূচী বাতিল...
বাংলাদেশলৈ সৰবৰাহৰ সময়তে কাছাৰ -কৰিমগঞ্জত ৯ টা গৰু-ম'হ জব্দ BSFৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in