ধেমাজি সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান : দুই শিশু নিৰ্যাতনকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডসহ জৰিমনা

ধেমাজি সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান : দুই শিশু নিৰ্যাতনকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডসহ জৰিমনা
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে শিশু নিৰ্যাতনকাৰী আইনৰ অধীনত শনিবাৰে শিশু নিৰ্যাতনকাৰী দুই অপৰাধীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু নগদ ২০হাজাৰ টকা জৰিমনা বিহে ৷ শিশু নিৰ্যাতন আইন ৪ দণ্ডবিধি ধাৰাৰ Spl(p) case no. 12/2019 নম্বৰ  আদালতৰ গোচৰৰ ৰায়দান অনুসৰি ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত বাটঘৰীয়াৰ জিতেন বৰপাত্ৰগোঁহাই ওৰফে ভেবেলে ২০১৯ চনৰ এপ্ৰিল মাহত তেওঁৰ দোকানলৈ অহা এটি ১৩ বছৰীয়া কিশোৰীক অকলে অহাৰ সুযোগলৈ নিৰ্যাতন চলাইছিল ৷

ইয়াৰ পিছত পৰিয়ালে ঘটনা অৱগত হোৱাত ধেমাজি সদৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা পৰৱৰ্তী সময়ত বিগত ৫ বছৰে হোৱা বিচাৰৰ অন্তত আদালতে দোষী সাৱস্ত কৰি অপৰাধীক ২৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে বিশ হেজাৰ টকা জৰিমনা বিহে ৷

একেদৰে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অয়েঙ্গীয়া চাৰিআলি গাঁৱৰ ৰাজীৱ মেদক নামৰ লোকজনে ২০২১ চনৰ আগষ্ট মাহত ঘৰত অকলে তাঁতৰ কামত ব্যস্ত হৈ থকা এটি ১২বছৰীয়া কিশোৰীক নিৰ্যাতন চলাইছিল ৷ ঘটনাৰ সম্পৰ্কে পিছত পৰিয়ালে অৱগত হোৱাত চিলাপথাৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছিল ৷

পৰবৰ্তী সময়ত আৰক্ষীয়ে ঘটনা তদন্ত কৰি অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰি আৰক্ষীৰ চূড়ান্ত প্ৰতিদেনৰ পিছত শিশু নিৰ্যাতন আইন ৪ভাৰতীয় দণ্ডবিধি ধাৰাৰ অধীনত আদালত হোৱা Spl(p)39/2021নম্বৰ গোচৰত বিগত ৩ বছৰে আদালত হোৱা বিচাৰৰ অন্তত শনিবাৰে আদালতে অপৰাধীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে নগদ ২০ হাজাৰ টকা জৰিমনা বিহে ৷

উল্লেখ্য যে প্ৰথমটো গোচৰৰ ৰায়দানত অপৰাধী পক্ষৰ হৈ অধিবক্তা দিলীপ বৰপাত্ৰগোঁহাই আৰু মুনীন দিহিঙীয়াৰ  বিপৰীতে চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই ওকালতি কৰিছিল৷ একেদৰে দ্বিতীয়টো গোচৰৰ ৰায়দানত অপৰাধী পক্ষৰ হৈ অধিবক্তা ইলা বৰগোহাঁই আৰু গীতিমা বৰপাত্ৰগোঁহাইৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই ওকালতি কৰিছিল ৷

ধেমাজি সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান : দুই শিশু নিৰ্যাতনকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডসহ জৰিমনা
সাদিন- প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ ২০২৪’ৰ আজি দ্বিতীয় দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in