ধেমাজিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস ও জিলা পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি

ধেমাজিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস ও জিলা পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলা সমিতিৰ আত্যিথত বুধবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এয়োদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখনি বৃহস্পতিবাৰে সফল সামৰণি পৰে ৷

বৃহস্পতিবাৰে শেষৰ দিনাৰ পুৱা ৮ বজাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে বৃক্ষ ৰোপণ কাৰ্য্যসূচীৰে শেষৰ দিনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷ পুৱা ৯ বজাত উত্তোলন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সভাপতিদ্বয় দেৱব্ৰত শইকীয়া আৰু পাপু দত্তই ৷ পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পন কাৰ্য্যসূচী সমাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰুদ্ৰ ভূঞাই ৷

দুপৰীয়া ১২ বজাত শিক্ষাৰ বাণিজ্যিকীকৰন বন্ধ কৰা আৰু অসমৰ বান-গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা দাবীত প্ৰায় দুই সহশাধিক ছাত্ৰ মুক্তিৰ কৰ্মীয়ে হাতে-হাতে বেনাৰ ,পোষ্টাৰ আৰু প্লে'কাৰ্ড লৈ নগৰখনত এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে ৷ বিয়লি ২ বজাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰৰ সমিতিৰ সভাপতিদ্বয় দেবব্ৰত শইকীয়া আৰু পাপু দত্তৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷

ইয়াৰ পূৰ্বে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰী সকলে সমবেত সংগীতেৰে মঞ্চ উদ্বোধন কৰে ৷ মুকলি সভাৰ আদৰি ভাষণ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই ৷ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষন দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মানস কোঁৱৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ উপদেষ্টাদ্বয় ভাস্কোডি শইকীয়া,ধৈৰ্য্য কোঁৱৰ, কাৰ্য্যকৰী সভাপতি ৰাজুৰাজ বৰপাত্ৰগোহাঁই, কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতিদ্বয় অনিন্দিতা দাস আৰু মঃ জাকিৰ হুছেইন,সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী ,উপ-সভাপতি ভাস্কৰ বৰগোহাঁই, শিক্ষা সম্পাদক নৱদ্বীপ বৰগোহাঁইয়ে।

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বিষ্ণু শৰ্মা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া , ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহাই , সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দীপক নাথ, ধেমাজি জ্যেষ্ঠ অধিবক্তা বীৰেন্দ্ৰ গগৈ , ধেমাজি এলাইড হেলথ ইনষ্টিটিউটৰ অধ্যক সোণাৰাম নাথকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী অতিথিয়ে ৷

ইফালে যোৱা কালি প্ৰতিনিধি সভাত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নতুন সমিতিৰ সভাপতি হিচাপে মন্টু কাৰ্দং আৰু অভিজিৎ খনিকৰ,সাধাৰণ সম্পাদক হিচাপে অতনু চেতিয়া আৰু নৱদ্বীপ বৰগোহাঁইক আৰু কাৰ্য্যকৰী সভাপতি হিচাপে প্ৰানজিৎ বৰগোহাঁই ,ডিপমজ্যোতি ফুকন ,লক্ষ্য চেতিয়া আৰু ৰাহুল শইকীয়াকে ধৰি এখনি ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰে ৷

ধেমাজিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস ও জিলা পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি
আমি স্মাৰ্ট মিটাৰ বন্ধ কৰি দিম!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in