২০ কৃতী শিক্ষকক সন্মানেৰে ধেমাজিত জিলা ভিত্তিত শিক্ষক দিৱস

২০ কৃতী শিক্ষকক সন্মানেৰে ধেমাজিত জিলা ভিত্তিত শিক্ষক দিৱস
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ দেশৰ লগতে মঙ্গলবাৰে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত ৰাজহুৱা প্ৰেক্ষাগৃহত ৬২ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে দুপৰীয়া ১২ বজাত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷

দুপৰীয়া ১২.০৫ বজাত জাতীয় সংগীত পৰিবেশন কৰা পিছতেই ভাৰপ্ৰাপ্ত ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই আদৰণি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালী, অতিৰিক্ত জিলা আয়ুক্ত সঞ্জীৱ ফুকনে শিক্ষকসকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷ উল্লেখ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই বক্তব্যত শিক্ষকসকলে শিক্ষাৰ সমান্তৰালভাৱে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খেল-ধেমালিৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ অনুৰোধ জনায় ৷ এই অনুষ্ঠানত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সম্পাদক খগেন পেগুৱেও উপস্থিত আছিল৷

এইবাৰ জিলা ভিত্তিত অনুষ্ঠিত হোৱা শিক্ষক দিৱসত জিলাখনৰ ২০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৩-২৪ বৰ্ষৰ বাবে জিলা কৃতী শিক্ষক বটাঁ প্ৰদান হয়। এইসকল হৈছে ক্ৰমে বৰবাম তিনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেৱ খনিকৰ, ডিব্ৰুগড় মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপামনি বকল, যোৰকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চিন্তামনি কাকতি, যোগেশ গোহাঞি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাৰত বুঢ়াগোহাঁই, আমগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নয়নমনি ভূঞা, বৰুৱা ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পবিত্ৰ দুৱৰা, বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হেমহীৰা দত্ত বৰা, বৰদৈবাম চাহ মজদুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ বাহাদুৰ সোনাৰী।

তদুপৰি বৰপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰুবী নেওগ, দক্ষিণ যোৰকটা বাঘভেটা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ দত্ত, শ্ৰীপানী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক পুষ্পধৰ পেগু, জামুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপ কোঁচ, আৰিমৰা ছেকাই অভিৰাম কুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহানন্দ কুলি, বাঘভেটা মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লাবন্য দলে, আগমা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দয়াৰাম বসুমতাৰী, ৰাভা কাঠনি মালভোগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপেন্দ্ৰ দলে, বটুৱা এন চি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী উষাৰাণী পাদুন, মৰিঢল ধূনাগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰদীপ কুমাৰ ফুকন, মেচু কছাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিতুমনি ভূঞা আৰু সোনাৰীঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শংকৰ মোহন দলেকো এই সন্মানেৰে সন্মানিত কৰা হয় ৷ উল্লেখ্য কৃতী শিক্ষক-শিক্ষয়ত্ৰীসকলক ফুলাম গামোচা, শৰাই আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

২০ কৃতী শিক্ষকক সন্মানেৰে ধেমাজিত জিলা ভিত্তিত শিক্ষক দিৱস
এইবাৰ বহিৰাগত বণিয়াৰ হাতলৈ পাণ্ডু-ধুবুৰী জাহাজ প'ৰ্ট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in