ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ আৰক্ষীক চেলেঞ্জ কৰি দিনদুপৰতে চোৰে ইঘৰৰ পিছত সিঘৰত চুৰি কাৰ্য সঘনাই সংঘটিত কৰাত নগৰবাসী ৰাইজক সংকিত কৰি তুলিছে ৷ নগৰৰ টঙনাপৰা তিনি নম্বৰ ৱাৰ্ডৰ চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই গৃহত দিনদুপৰতে চোৰে চাৰি লাখ টকা লুটি নিয়াৰ এসপ্তাহ নহওঁতেই পুনৰ শুকুৰবাৰে পাঁচ শ মিটাৰ নিলগৰ ধেমাজি কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক দিগন্ত হাজৰিকা ঘৰত দিনদুপৰতে চোৰে সংঘটিত কৰে চুৰি কাৰ্য।
ঘৰৰ পিছফালে থকা পকি ভেন্টিলেটৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি তিনিটা আলমিৰা খুলি থানবান কৰি প্ৰায় ৬ লাখ টকাৰ সোণ আৰু নগদ ১৫ হাজাৰ টকা লৈ উধাও হয় ৷ ঘটনাৰ তথ্য মতে একেখন কলেজতে শিক্ষকতা কৰা হাজৰিকা দম্পতীয়ে পুৱা ১০ মান বজাত কলেজলৈ গৈ বিয়লি ৪ বজাত ঘৰত আহি উপস্থিত হোৱাৰ পাছত প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। ততাতৈয়াকৈ তেওঁ আৰক্ষীক ঘটনাৰ সম্পৰ্কে জনোৱাত আৰক্ষীৰ এটি দলে গৈ ঘটনাৰ বুজ লয়। আৰু ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Also Read: "সমষ্টি পুন: নিৰ্ধাৰণৰ খচৰাত সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ": আমছু