ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাপথাৰ ১ নম্বৰ ভৈৰৱপুৰ গাঁৱত যোৱা ৯ ছেপ্তেম্বৰত এটা কালভাৰ্ট নিৰ্মাণকলৈ গাঁওখনৰ দুই পক্ষৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ তথ্য অনুসৰি গাঁওখনত এটা কালভাৰ্ট নিৰ্মাণৰ বিষয়লৈ গাঁওখনলৈ গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈছিল ৷ তেনে মুহূৰ্ততে গাওঁখনৰ দুয়ো পক্ষৰ মাজত বাকবিতৰ্কৰ চূড়ান্ত ৰূপ পাই প্ৰচণ্ডৰ মাৰপিটৰ সৃষ্টি হৈ ৰণস্থলীলৈ পৰিণত হয় ৷
ফলত দুয়ো পক্ষৰে বহুকেইজন আহত হোৱাৰ লগতে এগৰাকী যুৱতী ঘটনাত গুৰুতৰভাবে আহত হয়। আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত উক্ত দিনা নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য যে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে আহত যুৱতীগৰাকীৰ পিতৃয়ে। সাংবাদিকৰ আগত ভয়ংকৰ মাৰপিটৰ ঘটনা অৱগত কৰি ঘটনাৰ উচিত তদন্ত বিচৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী কৰিছে তেওঁ৷
ঘটনাৰ সংক্ৰান্তত চিলাপথাৰ আৰক্ষীয়ে ইতিপূৰ্বে থানাত গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো এটা পক্ষৰ এজনকো গ্ৰেপ্তাৰ কৰা নাই ৷ দুদিন পূৰ্বে কেমেৰাৰ সন্মুখত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনা সোমবাৰে পোহৰলৈ অহাৰ পিছতে চিলাপথাৰত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
Also Read: বজালীৰ চুপাৰি কেলেংকাৰীঃ ৬ অভিযুক্তক CIDৰ জিম্মালৈ