আধা লিটাৰ পানীৰ বটলত নিষেধজ্ঞাঃ একাংশ কৰ্মচাৰীৰ বিৰোধীতা

আধা লিটাৰ পানীৰ বটলত নিষেধজ্ঞাঃ একাংশ কৰ্মচাৰীৰ বিৰোধীতা
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ ফলত অচিৰেই পানী ফেক্টৰীত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব লাগিব জীৱিকাৰ পথ ৷ অলপতে অসম চৰকাৰে কেবিনেটত লোৱা এক সিদ্ধান্তৰ বাবেই গভীৰ অনিশ্চয়তাৰ দিশে আগবাঢ়িছে বহু কৰ্মচাৰী। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আগন্তুক মাহৰ গান্ধী জয়ন্তীৰ দিনা অৰ্থাৎ ২ অক্টোবৰৰ পৰাই আধা লিটাৰ বটলৰ পানী বিক্ৰী আৰু ফেক্টৰীত নিৰ্মাণ কৰাটো ইতিমধ্যে কেবিনেটত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ফলত সমগ্ৰ ৰাজ্যতেই আধা লিটাৰ পানী বটল বন্ধ হৈ পৰিব ৷

তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাত থকা প্ৰায় ২০৮ টাত কৈ অধিক পানী ফেক্টৰীত কৰ্মৰত কৰ্মীসকলে দুটা মাহৰ পিছতেই তেওঁলোকৰ কৰ্মস্থান এৰিবলৈ বাধ্য হ'ব ৷ এনে শংকাৰ বাবেই ধেমাজি তেলিজানস্থিত পানী ফেক্টৰীটোত কৰ্মৰত প্ৰায় এক শতাধিক কৰ্মীয়ে চৰকাৰৰ এনে সিদ্ধান্তক প্ৰতিবাদ কৰি দুখীয়া দৰিদ্ৰক ভাতে মৰা বিজেপি চৰকাৰৰ সিদ্ধান্ত বুলি কৈ ক্ষোভ প্ৰকাশ কৰে ৷ প্ৰতিবাদকাৰীসকলে জনোৱা মতে ফেক্টৰীত আধা লিটাৰ পানী বটল উৎপাদন প্ৰক্ৰিয়া মালিক কৰ্তৃপক্ষই বন্ধ কৰি দিয়াৰ লগে লগে কৰ্মীৰ সংখ্যা বৰ্তমানৰ ফেক্টৰী অনুসৰি ৮০ৰ পৰা ১০০ৰ ভিতৰত কেৱল ২০/২৫ জনহে প্ৰয়োজন হ'ব ৷ তেওঁলোকে দিয়া তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ভাৰত বৰ্ষতেই ৩০,০০০ হাজাৰ মেট্ৰিক টন প্লাষ্টিক ৰি-চাইকেব'ল (Recyclable) প্ৰক্ৰিয়া বতৰ্মানেও অব্যাহত আছে ৷

উল্লেখ্যযোগ্য যে, অসম চৰকাৰে সময়ে-সময়ে দিয়া নিৰ্দেশ মৰ্মেই ফেক্টৰীসমূহে পানীৰ বটল সমূহ ১০০%ই ৰি-চাইকেব'ল কৰি আহিছে যদিও কি যুক্তিত চৰকাৰখনে মানুহৰ সুবিধা-অসুবিধা অনুভৱ নকৰাকৈ তাৎক্ষণিকভাৱে আধা লিটাৰ পানী বটল বন্ধ কৰি দিয়ে, সেই কাৰ্যক কৰ্মৰত যুৱকসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজে সহজভাৱে ল'ব পৰা নাই ৷ চৰকাৰে যদি কেৱল প্ৰদূষণ বৃদ্ধি কমাব বিচাৰিছে বুলি ক'ব বিচাৰে তেন্তে দিল্লী, মোম্বাই নিচিনা অত্যাধিক প্ৰদূষণ বৃদ্ধি কৰা ৰাজ্যবোৰতো দেখোন আধা লিটাৰ পানী বটল ব্যৱহৃত হৈ আছে ৷ কিন্তু কেৱল অসমৰ ক্ষেত্ৰতে এনেধৰণৰ বাধা অহাটো দুৰ্ভাগ্যজনক বুলি তেওঁলোকে মন্তব্য কৰে ৷ ইফালে বহুজাতিক কোম্পানীৰ বোৰে শীতল পানীয় প্ৰস্তত কৰা আধা লিটাৰ বটল আৰু মিঠাতেলকে আদি কৰি আন বহু কোম্পানীয়ে আধা লিটাৰ বটল প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কিয় একেধৰণৰ পদক্ষেপ লোৱা নাই বুলিও প্ৰশ্ন কৰে।

যদি কৰিছে সকলোৰে বাবে একে সমপৰিমাণৰ আইনৰ নিষেধাজ্ঞা হ'ব লাগে বুলি কৰ্মচাৰীসকলে প্ৰশ্ন উথাপন কৰি আধা লিটাৰ পানীৰ বটল বন্ধ কৰিলে কৰ্মহীন হোৱাৰ আশংকাত ভোগা সকলে পৰিয়াল পোহপাল দিবলৈ পুনৰ বহিঃৰাজ্যলৈ ঢাপলি মেলিব লাগিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধেমাজিৰ পানী ফেক্টৰীত কৰ্মৰত কৰ্মচাৰীসকলে এই বাতৰিৰ জৰিয়তে অনুৰোধ জনাই যে- উদ্যোগ বিহীন ধেমাজি জিলাৰ দৰে খাটিখোৱা যুৱকসকলে পেটে-ভাতে খাই জীয়াই থাকিবলৈ, তেওঁলোকৰ পৰিয়ালসমূহক চলাই থাকিবলৈ এবাৰ চিন্তা কৰি এই নিষেধাজ্ঞা উঠাই ল'বলৈ কাতৰে অনুৰোধ জনায়।

আধা লিটাৰ পানীৰ বটলত নিষেধজ্ঞাঃ একাংশ কৰ্মচাৰীৰ বিৰোধীতা
বটদ্ৰৱাৰ চৰকাৰী ভূমিত বেদখলঃ সৰব সত্ৰাধিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in