ধেমাজিত শৱদেহ যাত্ৰা কাৰ্য্যসূচী জিলা ছাত্ৰ সন্থাৰ

ধেমাজিত শৱদেহ যাত্ৰা কাৰ্য্যসূচী জিলা ছাত্ৰ সন্থাৰ

author-image
Asomiya Pratidin
New Update
ধেমাজিত শৱদেহ যাত্ৰা কাৰ্য্যসূচী জিলা ছাত্ৰ
সন্থাৰ

ডিজিটেল সংবাদ ,ধেমাজি : স্মাৰ্ট মিটাৰৰ আতিশায্য,অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত মঙ্গলবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰে। প্ৰায় তিনি শতাধিক কৰ্মীয়ে হাতে- হাতে বেনাৰ , পোষ্টাৰ লৈ শক্তি বিভাগ হায় হায় ,স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধ কৰক , বিদ্যুৎ মাচুল হ্ৰাস কৰক ,শক্তি বিভাগ নামত আছে কামত নাই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে।

ধেমাজি থানা তিনিআলিৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখৰে প্ৰতিবাদ কৰি গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ এৰাঢল নৈ এটা কাৰ্লভাটত বিদ্যৎ বিভাগৰ প্ৰতিকৃতি শৱদেহ পেলাই দিয়ে ৷ কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদী সভাত বিজেপি চৰকাৰ , শক্তি মন্ত্ৰী আৰু বিদ্যুৎ বিভাগ তথা এপিডিচিএলৰ এনে স্বৈৰাচাৰী কাৰ্য্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

লগতে এই দাবীসমূহ যদি শীঘ্ৰেই কাৰ্য্যকৰী নকৰে তেন্তে ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি বক্তব্য ৰাখে সহকাৰী সম্পাদক দিপক শৰ্মা ,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ মিছং , জিলা সভাপতি সঞ্জীৱ দাস আৰু জিলাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷

protest