ছেলফী ল’বলৈ গৈ নদীত উটি গ’ল ডিব্ৰুগড়ৰ যুৱক…

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা:  এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে ধেমাজি জিলাৰ চিমেন চাপৰিৰ লগতে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ৰ পৰা গ্ৰীষ্মবন্ধত ফুৰিবলৈ আহি সন্ধানহীন হ'ল ডিব্ৰুগড়ৰ এজন যুৱক। চিমেন নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল ডিব্ৰুগড়ৰ ৪জনীয়া এটা যুৱকৰ দল।

শুকুৰবাৰে পুৱা ৰেল যোগে  আহি ধেমাজি জিলাৰ চিমেন চাপৰিত উপস্থিত হৈছিল ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ অজিটেষ (তুনা) হাজৰিকা(১৬) সহ ৭জনীয়া সহপাঠী সতীৰ্থৰ দলটো। বিয়লি উভতি যোৱাৰ পৰিকল্পনা কৰি যুৱকৰ দলটো চিমেন নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নদীৰ পাৰত উপস্থিত হৈ চেল্ফি মাৰোতেই অসাৱধানবশতঃ পিছলি গৈ নদীত পৰে। 

চিমেন চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চিমেন নদীৰ পাহাৰ দাঁতিত পিছলি পৰা যুৱকজন কোবাল সোঁতত উটি যোৱা দেখি সতীৰ্থ এজনে সাঁতুৰী উদ্ধাৰৰ চেষ্টা চলাই যদিও সক্ষম নহয়। পাছত ঘৰত অৱগত কৰে আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীক অৱগত কৰে।

চিমেন চাপৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছ দি আৰ এফ বাহিনীৰ জৰিয়তে উদ্ধাৰৰ চেষ্টা চলাই। বাতৰি লেখাৰ সময়লৈকে উদ্ধাৰ হোৱা নাই যুৱকজন। ইতিমধ্যে ঘটনাস্থলীত সন্ধানহীন যুৱকজনৰ পৰিয়ালবৰ্গ উপস্থিত হৈছে। ডিব্ৰুগড়ৰ আৰ কে কনিষ্ঠ মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ প্ৰথম বর্ষৰ ছাত্রগৰাকীৰ আকস্মিক সন্ধানহীন হোৱাৰ বাতৰিয়ে ডিব্ৰুগড় জিলাত শোকৰ বন্যা বোৱাইছে।

ei muhurtar khabar
ৰাজ্যৰ ৰাজনীতিত আৰম্ভ নতুন খেলাঃ ২০২৬ ৰ অংকত ব্যস্ত নেতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in