ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় বেডমিণ্টন টুৰ্নামেণ্ট আৰম্ভ...

ধেমাজি চিটি কলেজত অনুষ্ঠিত প্ৰতিযোগিতাৰ আনুষ্ঠানিক শুভাৰম্ভ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় বেডমিণ্টন টুৰ্নামেণ্ট আৰম্ভ...
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় বেডমিণ্টন টুৰ্নামেণ্ট আৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ দেওবাৰৰ পৰা পৰা তিনিদিনীয়াকৈ ধেমাজি চিটি কলেজত আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ৷ সোমবাৰে পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে টুৰ্নামেণ্টৰ উদ্বোধন কৰে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰে৷

ইয়াৰ পূৰ্বে টুৰ্নামেণ্টৰ আদৰণি সমিতিৰ সভাপতি তথা ধেমাজি চিটি কলেজৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফিজিকেল এড্যুকেছৰ বিভাগৰ সহকাৰী অধ্যাপক প্ৰাণজিৎ বৰুৱাই মূল পতাকা দুখনি উত্তোলন কৰে। তাৰোপৰি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ২২ খন মহাবিদ্যালয়ৰ ২২ জন তত্ত্বাৱধায়কে একোখন কৈ পতাকা উত্তোলন কৰে ৷

এই উপলক্ষে অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেল ব'ৰ্ডৰ অৱসৰপ্ৰাপ্ত ষ্টাফ বিপুল চুতীয়া, ডিব্ৰুগড় জিলা বেডমিণ্টন প্ৰশিক্ষক নুৰুল আখতাৰ হুছেইন, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলা কান্ত বড়ি, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক বিষ্ণু শৰ্মা অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিবেশন কৰা এটি সৃষ্টিমূলক নৃত্যৰ পিছতেই খেলৰ আৰম্ভণি হয় ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় বেডমিণ্টন টুৰ্নামেণ্ট আৰম্ভ...
কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'ৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in