ডিমৌ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নিযুত মইনা আঁচিনৰ প্ৰ-পত্ৰ বিতৰণ...

বিদ্যালয়খনৰ ১৫০ ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় প্ৰ-পত্ৰ

author-image
Asomiya Pratidin
New Update
ডিমৌ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নিযুত মইনা আঁচিনৰ প্ৰ-পত্ৰ বিতৰণ...

ডিমৌ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নিযুত মইনা আঁচিনৰ প্ৰ-পত্ৰ বিতৰণ...

ডিজিটেল সংবাদ চিলাপথাৰঃ ৰাজ্যৰ উচ্চ শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা আঁচনি নিযুত মাইনা আঁচনি আজি চিলাপথাৰ ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলতো আনুষ্ঠানিক আৰম্ভ হ'ল। আজি চিলাপথাৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডিমৌ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এই আঁচনিখনৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।

আনুষ্ঠানিকভাৱে আঁচনিখনৰ প্র-পত্ৰ বিতৰণী অনুষ্ঠানৰ উদ্বোধন কৰে মিছিং স্বায়ত্ব পৰিষদৰ সাধাৰন সদস্য কনক দলেই। বিদ্যালয়খনৰ ডেৰ শতাধিক ছাত্ৰীৰ মাজত বিতৰণ কৰিলে প্ৰ-পত্ৰ।

ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়াই উদ্দেশ্য বাখ্যা আৰু টি এম পি কেৰ নেতা হেমচন্দ্ৰ পেগুই সঞ্চলানা কৰা অনুষ্ঠানত কনক দলে, জ্যেষ্ঠ শিক্ষক মহাবীৰ প্ৰসাদ মালাহ, ডিমৌ গাঁও পঞ্চায়তৰ তত্বাৱধায়ক অৰুন চুংক্ৰাঙ, টি এম পি কেৰ চিলাপথাৰৰ জিলাৰ কপিল দলে, ডিমৌ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক জিন্তু চুতীয়া, সমাজ কৰ্মী প্রতীনাথ দ্বাৰিক,টি এম পি কেৰ কৰ্মী ৰাকেশ গাম,ৰাজু মিলি,দেবানন্দ পাংগিং,লক্ষ্যনাথ টায়ে আদি উপস্থিত থাকি কেইবাজনেও অসম চৰকাৰৰ এই আঁচনিখনৰ সন্দৰ্ভত মন্তব্য কৰে।

Also Read: ৱায়নাড ভ্ৰমণ কৰিলে মোডীয়েঃ হাস্পতালত সাক্ষাৎ কৰিলে আহতক...

চিলাপথাৰ নিযুত মইনা আঁচনি