পুনৰ চিকিৎসকৰ অৱহেলা : প্ৰসূতিৰ অকাল মৃত্যু

পুনৰ চিকিৎসকৰ অৱহেলা : প্ৰসূতিৰ অকাল মৃত্যু
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাক লৈ সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। জানিব পৰা অনুসৰি, চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ নামনি চিচি টঙানি পঞ্চায়তৰ ভাঙিদিয়া গাঁৱৰ তুলেশ পেগুৰ পত্নী ৩১ বছৰীয়া লক্ষীমাই পেগু নামৰ মহিলাগৰাকীৰ প্ৰসৱৰ বাবে মঙলবাৰে নিশা ধেমাজি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰিছিল।

কিন্তু ভৰ্তি কৰাৰে পৰা কোনো চিকিৎসক মহিলাগৰাকীৰ কাষত উপস্থিত নোহোৱাৰ বাবে নিশাটো মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত চটফটাই কটায়। বুধবাৰে পুৱা এগৰাকী নাৰ্চে প্ৰসূতিগৰাকীক এটা বেজী দিয়াৰ কিছুসময়ৰ পিছতে মহিলাগৰাকীৰ মৃত্যু হয় ।

চিকিৎসালয়খনৰ চিকিৎসকৰ চৰম গাফিলটিৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি মৃত মহিলাগৰাকীৰ পৰিয়ালে চিকিৎসালয়খনত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ ফলত আৰক্ষী মোতায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মৃতকৰ পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ঘটনাৰ এক তদন্তৰ দাবী জনায়।

পুনৰ চিকিৎসকৰ অৱহেলা : প্ৰসূতিৰ অকাল মৃত্যু
নামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সন্দৰ্ভত ৰাজহুৱা সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in