ড০ বনজিত ভট্টৰ গ্ৰন্থ- " কত যে কথা জনা নজনা" ৰ উন্মোচন...

ড০ বনজিত ভট্টৰ গ্ৰন্থ- " কত যে কথা জনা নজনা" ৰ উন্মোচন...
ড০ বনজিত ভট্টৰ গ্ৰন্থ- " কত যে কথা জনা নজনা" ৰ উন্মোচন...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা সংগীত শিল্পী ড০ বনজিত ভট্টৰ নৱতম পুথি " কতযে কথা জনা নজনা " গ্ৰন্থখনি বুধবাৰে ধেমাজি ৰেক্ট্ৰিক্স স্কুলৰ প্ৰাংগণত এক গাম্ভীৰ্যতাপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লিখক ড° গোপাল চন্দ্ৰ হাজৰিকাই ৷

বক্তব্যত উন্মোচক ড° হাজৰিকাই ড° ভট্টৰ এই পুথিখনৰ বিশেষত্ব হ'ল - বিষয় বস্তুৰ বিবিধতা আৰু উপস্থাপন শৈলীৰ নিজস্বত বুলি উল্লেখ কৰি মূলত কিশোৰ- কিশোৰীৰ মানসিক উত্তৰণৰ হাত পুথিৰ লগতে পুথিখন সাধাৰণ পাঠকৰ বাবেও অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা আৰু অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° উমাকান্ত শৰ্মাইও পুথিখনৰ সন্দৰ্ভত মূল্যবান মন্তব্য আগবঢ়ায়৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° অন্নজোতি গগৈ,অধ্যাপক দিগন্ত হাজৰিকা, ধেমাজি ৰেক্ট্ৰিক্স স্কুলৰ পৰিচালন সঞ্চালক লক্ষীনাথ হাজৰিকা, অধ্যক্ষ যুগস্মিতা ভূঞা, অধ্যাপিকা দীপশিখা চমুৱা, শিক্ষক তপন বাইলুং, চিত্ৰশিল্পী হোমেন শইকীয়া, পৰিৱেশ কৰ্মী যুগল সন্দিকৈ আদি ৷ গ্ৰন্থখনৰ প্ৰকাশ আৰু বিতৰণৰ দায়িত্বত আছে গ্ৰন্থবাৰ্তা, গুৱাহাটী।

ড০ বনজিত ভট্টৰ গ্ৰন্থ- " কত যে কথা জনা নজনা" ৰ উন্মোচন...
নগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদানৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in