ধেমাজিৰ বান পৰিস্থিতিৰ বুজ ল'লে ডাঃ ৰণোজ পেগুৱে...

ধেমাজিৰ বান পৰিস্থিতিৰ বুজ ল'লে ডাঃ ৰণোজ পেগুৱে...
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি: শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে মঙলবাৰে ধেমাজি জিলাৰ বানধিৱস্ত অঞ্চলৰ চিচিমুখ গাওঁ পঞ্চায়তৰ কেইবা ঠাইতো পৰিদৰ্শন কৰে৷ উল্লেখ্য যে বানে জুৰলা কৰা গাওঁকেইখনত বতৰ্মানে পানী কমিলেও ঠায়ে ঠায়ে বানগৰাখহনীয়া বিধস্ত যাতায়ত ব্যৱস্থাই কোঙা কৰিছে অঞ্চলবাসী ৰাইজক৷

বিশেষকৈ ধেমাজি জিলাৰ অন্যতম আওঁহতীয়া চিচিমুখৰ বিভিন্ন প্ৰান্তত বান আৰু গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে ৰাইজক। অঞ্চলটোৰ সৈতে সংলগ্ন হোৱা ব্ৰহ্মপুত্ৰৰ চিচিমুখৰ মথাউৰি তথা পথৰ ব্যৱস্থাই মাজুলীৰ পৰা ডিব্ৰুগড়লৈ যাতায়াত ব্যৱস্থা সুগম হৈছে যদিও ঠায়ে ঠায়ে মথাউৰিটোৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো হৈ পৰিছে অতি গুৰুত্বপূৰ্ণ৷

চিচিমুখৰ এই অঞ্চলটো পৰিদৰ্শন কৰি ঠাইসমূহৰ অৱস্থাৰ বুজ লয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ চিচিমুখৰ বহ্মপুত্ৰৰ মথাউৰি সমীপৰ গেৰজাই, চুমনি জন্মীচুকত এতিয়া ভয়াৱহ গৰখহনীয়া বহ্মপুত্ৰৰ৷ ইতিমধ্যে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ১৫কোটি অনুমোদন দিবৰ বাবে আঁচনি গ্ৰহন কৰিছে ৷

এই আচঁনি অনুমোদন হ’লে প্ৰতিৰোধ সমস্যা সমাধান হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে ৰাইজক আশ্বাস দিয়ে ৷ ইফালে মন্ত্ৰীগৰাকীয়ে কেইবাঠাইতো ৰাইজৰ সৈতে মতবিনিময় কৰি সমস্যাৰ বুজ লয় ৷

ধেমাজিৰ বান পৰিস্থিতিৰ বুজ ল'লে ডাঃ ৰণোজ পেগুৱে...
প্ৰখ্য়াত সমাজ বিজ্ঞানী, বাওঁপন্থী চিন্তাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in