উচ্ছেদৰ জাননী: আশ্ৰয় স্থান বিচাৰি যাত্ৰা কবো চাপৰিৰ বহু পৰিয়ালৰ

উচ্ছেদৰ জাননী: আশ্ৰয় স্থান বিচাৰি যাত্ৰা কবু চাপৰিৰ বহু পৰিয়ালৰ

author-image
Asomiya Pratidin
New Update
উচ্ছেদৰ জাননী: আশ্ৰয় স্থান বিচাৰি যাত্ৰা কবো চাপৰিৰ বহু পৰিয়ালৰ

ডিজিটেল সংবাদ,জোনাই : নদীদ্বীপ কবো চাপৰি ত্যাগ কৰিছে বহু পৰিয়ালে। বন বিভাগৰ উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত কবো চাপৰিৰ বহু অসহায় পৰিয়ালে যোৱা দুদিনৰ পৰা আপোন ঘৰ-দুৱাৰ ভাঙি, টালি-টোপোলালৈ আশ্ৰয় স্থান বিচাৰি অন্য ঠাইলৈ যাত্ৰা কৰিছে।

উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত মাজুলীৰ পিছতে দ্বিতীয় বৃহৎ তথা ৯,৪০০ হেক্টৰ ভূমি আগুৰি থকা নদীদ্বীপ কবো চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখন আজি নিশ্চিহ্ন হোৱাৰ পথত। ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ চিলে পঞ্চায়তৰ অন্তৰ্গত নদীদ্বীপ কবো চাপৰিৰ ৪টা ৱাৰ্ডত কিছু বছৰ আগলৈ ১০সহস্ৰাধিক ৰাইজে বসবাস কৰি আহিছিল।

জোনাই মহকুমা নিৰ্বাচনী বিভাগৰ মতে জোনাই মহকুমাৰ চিলে পঞ্চায়তৰ অন্তৰ্গত কবো চাপৰিত ৪টা বাৰ্ড আছে। নদীদ্বীপ কবো চাপৰিত শিক্ষানুষ্ঠান, স্বাস্থ্য উপ-কেন্দ্ৰ, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ লগতে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ হৈ আহিছে।

বাকী থকা অংশ আগন্তুক বাৰিষাত চিয়াং-ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ নদীদ্বীপ কবো চাপৰি ইতিহাস হোৱাৰ পথত। ইপিনে চিয়াং-ব্ৰহ্মপুত্ৰৰ বক্ষ অস্বাভাৱিকভাৱে বাম হোৱাৰ লগতে বছৰি হোৱা প্ৰলয়ংকৰী বান-গৰাখহনীয়াত নদীদ্বীপ কবো চাপৰি দিনে দিনে বিপন্ন আৰু বাস অনুপযোগী হৈ পৰিছে।

কিন্তু একালত শস্য-মৎস্যৰে নদন-বদন কবো চাপৰি চিয়াং-ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াত আজি নিশ্চিহ্ন হোৱাৰ পথত। চৰকাৰৰ বন বিভাগৰ কাগজে কলমে ৯,৪০০ হেক্টৰ বনভূমি আগুৰি থকা নদীদ্বীপ কবো চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ৮৫ শতাংশই ভূমি চিয়াং-ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পিচত প্ৰায় ১৫ শ হেক্টৰ ভূমি বৰ্তমান কোনোমতে বাচি আছে।

এনেদৰে নদীদ্বীপ কবো চাপৰি বান-খহনীয়াত নিশ্চিহ্ন হোৱা পথত দ্ৰুত গতিত আগবঢ়াৰ লগতে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ ফলত ইতিমধ্যে হাজাৰ হাজাৰ কবোবাসী ৰাইজে ইতিমধ্যে কবো চাপৰি ত্যাগ কৰি অন্য ঠাইলৈ আঁতৰি গৈছে। বৰ্তমান নদীদ্বীপ কবো চাপৰিত মাত্ৰ ৬০ টা অসহায় পৰিয়ালে কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু নদীদ্বীপ কবো চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখন ধ্বংস হৈ নিশ্চিহ্ন হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে চৰকাৰৰ বিয়াগোম বন বিভাগে সাৰ পাই নদীদ্বীপ কবো চাপৰিবাসীক অবৈধ, বেদখলকাৰী বুলি ঘোষণা কৰি উচ্ছেদৰ জাননী জাৰি কৰে।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ কবো চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বাস কৰা লোকসকলক উচ্ছেদৰ জাননী বন বিভাগ ইতিমধ্যে দুবাৰ প্ৰদান কৰিছে। জোনাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে যোৱা ১৫ মে'ত এক জাননী প্ৰেৰণ কৰে।

অবৈধভাৱে কবো চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বন ধ্বংস কৰি বনাঞ্চলৰ ভূমি বেদখল কৰা পৰিয়ালসকলক 'অসম বন প্রাধীকৰণ ১৮৯১ (সংশোধিত আইন ১৯৯৫) ৰ ৩৪(১) ধাৰা ভংগ কৰাৰ অভিযোগ কৰি উক্ত আইনৰ ৭২ (খ) ধাৰাৰ অধীনত এই জাননী প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

জাননী জাৰি কৰাৰ ৭ দিনৰ ভিতৰত স্ব-ইচ্ছাৰে বনভূমি বেদখলমুক্ত কৰি সেই ঠাইৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। অন্যথাই বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়নৰ স্বাৰ্থত বন আইন অনুসৰি বিভাগীয়ভাৱে উচ্ছেদ কৰা হ'ব আৰু এই উচ্ছেদৰ ক্ষয়-ক্ষতিৰ বাবে বন বিভাগ জগৰীয়া নহয় বুলি জাননীত উল্লেখ কৰে। ইয়াৰ পিছত কিছুদিন আগতে পুনৰ উচ্ছেদৰ জাননী দিয়ে।

ফলত জোনাই আঞ্চলিক বন বিভাগৰ উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত অসহায় কবো চাপৰিবাসী ৰাইজে যোৱা দুদিনৰ পৰা নিজৰ আপোন ঘৰ-দুৱাৰ ভাঙি আশ্ৰয় স্থান বিচাৰি অন্য ঠাইলৈ যাত্ৰা কৰিছে। প্ৰায় চাৰি-পাঁচ দশক ধৰি নদীদ্বীপ কবো চাপৰিত বাস কৰা পৰিয়ালসকলে এনেদৰে অৱশেষত আপোন ঘৰ-দুৱাৰ ভাঙি টালি-টোপোলা লৈ অন্য ঠাইলৈ যাত্ৰাৰ কৰুণ গাথাই বহুতক বেদনা গধুৰ কৰি তুলিছে।

Also Read: পানবাৰীত মাইক্ৰফাইনেঞ্চৰ শাখা মুকলি

eviction kabu sapori