ডিজিটেল সংবাদ, ধেমাজি: মঙলবাৰে সদৌ অসম কোচ ৰাজৰাবংশী সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত যুৱ ছাত্ৰ আৰু মহিলা জিলা সমিতিৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, শিলসাঁকোত অৱস্থিত সন্মিলনীৰ মুখ্য কাৰ্য্যালয় চিলাৰায় ভৱন উচ্ছেদ কৰি চৰকাৰে ঘোষণা কৰা উত্তৰ গুৱাহাটীৰ ভূমি শীঘ্ৰেই সন্মিলনীক আৱন্টন দিয়া ব্যৱস্থা কৰা, মিচন ভূমিপুত্ৰৰ দ্বাৰা দিয়া অ বি চিৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত হোৱা অবাধ দুৰ্নীতি আৰু বেমেজালি বন্ধ কৰি সন্মিলনীক সম্পূৰ্ণ চিনাক্তকৰণৰ দায়িত্ব অৰ্পণ কৰা, ৰূপসী বিমান বন্দৰৰ নাম বাহাল ৰখা, বি টি আৰ ৰাভাহাচং আৰু ট্ৰাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশীলোকক ভূমি অধিকাৰৰ লগতে সকলো সাংবিধানিক অধিকাৰ সূনিশ্চিত কৰাকে ধৰি কেইবাটাও দাবীত হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ এচ টি আমাক লাগিবই, এচ টি আমাৰ লিগেল দাবী , নৌ এচ টি নৌ ৰেচ , আমাক প্ৰতৰণা কৰা শীঘ্ৰেই বন্ধ কৰক ইত্যাদি শ্ল'গানেৰে উত্তাল কৰি তোলে৷
পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজাৰলৈকে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত ২ ঘন্টাকৈ সময় ধৰি হোৱা ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত স্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ফনিন্দ্ৰনাথ দত্তৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ আতঁ ধৰে সাধাৰণ সম্পাদক প্ৰণৱ দত্তই৷ প্ৰতিবাদী সভাত ধেমাজি জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি দিগন্ত তালুকদাৰ আৰু সম্পাদক নিৰ্মল বৰ্মনে বক্তব্যত কয় যে অসমৰ সৰ্ববৃহত খিলঞ্জীয়া জনগোষ্ঠী কোচ ৰাজবংশী সকলে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হোৱাৰ বাবেই সামগ্ৰীক উন্নয়নৰ দিশত জাতিটোৰ প্ৰতিবন্ধকতা সৃষ্টি হোৱা বিষয়ে দুয়োজনে উল্লেখ কৰে ৷
জাতিটোৰ সমস্যা সমূহকলৈ চৰকাৰক বাৰম্বাৰ দাবী জনাই অহা পিছতো আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে প্ৰতিবাদীৰ নেতৃত্বই ৷ ৰাজ্যৰ বিজেপি চাৰকাৰখনৰ নেতৃত্বাধীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকীত বহীয়েই জনগোষ্ঠীটোৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ কৰে জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি আৰু সম্পাদকে৷
প্ৰসংগক্ৰমে বক্তব্যত পূৰ্বৰ বিষয় এটা উল্লেখ কৰি কয় যে নৰেন্দ্ৰ মোডী বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনে চৰকাৰখনে শাসনলৈ আহিলে ছয় মাহৰৰ ভিতৰতে ৰাজবংশীসকলক জনজাতিকৰনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজিও পূৰণ নকৰিলে বুলি অভিযোগ কৰি অহা ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীটোৱে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বুলিও চৰকাৰক সকিয়াই দিয়ে ৷ সভাৰ শেষত ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনী,ধেমাজি জিলা কোচ ৰাজবংশী মহিলা সন্মিলনী আৰু ধেমাজি জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী দ্বাৰা স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ ধেমাজি আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
Also Read: নিষিদ্ধ ঘোষিত সংগঠনৰ নামত ধন দাবী কৰি আটক হ'ল এজন