ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলাৰ মাছখোৱা চাৰিআলিত শুকুৰবাৰে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জুইত জাহ গ'ল মনোহাৰী দোকান,ফাৰ্মাচী,বাচন-বৰ্ত্তনৰ দোকানৰ লগতে প্ৰায় ১২ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান৷
স্থানীয় ৰাইজে তৎপৰতাৰে জুইৰ মাজৰ পৰা সামান্য সামগ্ৰী ৰক্ষা কৰে যদিও জুইত ছাই হয় কেইবা কোটি টকাৰ সামগ্ৰী ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু সময়ৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে জ্বলি শেষ হৈ গ'ল সকলো ৷
তথ্যমতে এখন মনোহাৰী দোকানত সংঘটিত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে৷ জুই নিৰ্বাপন কৰিবলৈ এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী প্ৰথমে আহে যদিও সেই বাহনখনে জুই নিৰ্বাপিত কৰিবলৈ নোৱাৰাত ধেমাজিৰ পৰা আন এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ আহে।
ইফালে বৃত্তৰ মাছখোৱা অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ এটা আস্থান ৰাইজে বহু দিনৰ পৰা দাবী কৰি আহিছে যদিও জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷