বৰলুং, মৰিধলত দুটাকৈ ঘৰ ভস্মীভূতঃ নন্দীগিৰি সমাজ কল্যাণ গোটৰ সহায়ৰ হাত

মানৱতাৰ পৰিচয়েৰে ৰাইজেও আগবঢ়াইছে সহায়ৰ হাত
বৰলুং, মৰিধলত দুটাকৈ ঘৰ ভস্মীভূতঃ নন্দীগিৰি সমাজ কল্যাণ গোটৰ সহায়ৰ হাত
বৰলুং, মৰিধলত দুটাকৈ ঘৰ ভস্মীভূতঃ নন্দীগিৰি সমাজ কল্যাণ গোটৰ সহায়ৰ হাত
Published on
Updated on

ডিজিটেল সংবাদ চিলাপথাৰঃ চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰলুং গাঁও পঞ্চায়তৰ সৰুলুং গাঁৱৰ ভৱেন পেগুৰ ঘৰ মঙ্গলবাৰে সম্পূৰ্ণভাৱে জুইত জাহ যায়। কোনো অজ্ঞাত কাৰণত সংঘটিত ঘটনাত চকুৰ পচাৰতে জ্বলি ছাঁইলৈ পৰ্যবসিত হয় সকলো।

স্থানীয় ৰাইজে বহু চেষ্টা কৰিও নিৰ্বাপন কৰিব নোৱাৰিলে জুই। খাদ্য বস্তু,কাপোৰ-কানি,বহু মূল্যবান নথি পত্ৰ আৰু বহু বয় বস্তু অনিষ্ট সাধন হ'ল। স্থানীয় ৰাইজে মানৱতাৰ খাতিৰত পৰিয়ালটোৰ বাবে নতুনকৈ গৃহ নিৰ্মাণত সহায় আগবঢ়ায়।

নন্দীগিৰি ভূঞা সমাজ কল্যাণ গোটৰ সদস্য সকলে ক্ষতিগ্ৰস্ত পৰিয়ালটোক ঘৰলৈ গৈ সাক্ষাৎ কৰে। গোটৰ তৰফৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোক কেইবাবিধো সাহাৰ্য সামগ্ৰী প্ৰদান কৰে।

একেটা দিনতে মৰিধল গাঁৱতো সংঘটিত হ'ল আন এক অগ্নিকাণ্ডৰ ঘটনা। মৰিধল মাজগাঁৱৰ তিখেশ্বৰ গগৈৰ ঘৰত লাগিল ভয়ংকৰ জুই। ঘটনাত জ্বলিল পৰিয়ালটোৰ সমস্ত বয় বস্তু।

আজি ক্ষতিগ্ৰস্ত পৰিয়ালটোৰ ক্ষয় ক্ষতি বুজি ল'লে নন্দীগিৰি সমাজ কল্যাণ গোটৰ সদস্যসকলে। এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা মানৱ দৰদী কাৰ্যৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়াল দুটাই গোটৰ প্ৰতিষ্ঠাপক নন্দীগিৰি ভূঞাৰ লগতে গোটৰ সকলো সদস্যক আন্তৰিক কৃতজ্ঞতা জনালে।

বৰলুং, মৰিধলত দুটাকৈ ঘৰ ভস্মীভূতঃ নন্দীগিৰি সমাজ কল্যাণ গোটৰ সহায়ৰ হাত
ঢকুৱাখনাত কৃষকৰ কুলাই পাচিয়ে নধৰা দুখ: ধাননি পথাৰত ধানৰ সলনি পতান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in