চিলাপথাৰত অগ্নিকাণ্ডঃ দুখনকৈ দুকান ভস্মিভূত...

কেইবা লাখ টকাৰ সম্পত্তি ভস্মিভূত
চিলাপথাৰত অগ্নিকাণ্ডঃ দুখনকৈ দুকান ভস্মিভূত...
চিলাপথাৰত অগ্নিকাণ্ডঃ দুখনকৈ দুকান ভস্মিভূত...
Published on
Updated on

ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰত যোৱা নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত দুখনকৈ দোকান ভস্মীভূত হয়। চিলাপথাৰৰ ফণিৰাম টায়েং দৈনিক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

নিশা প্ৰায় ৮:৩০ বজাত আকস্মিকভাৱে জ্বলি উঠে দোকান দুখন। চকুৰ পচাৰতে ছাঁইলৈ পৰ্যবসিত হ'ল সকলো।‌ ফলত বুজন পৰিমাণৰ সম্পত্তি ক্ষয় ক্ষতি হয়।

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি অগ্নি নিৰ্বাপন কৰি কোনোমতে নগৰখন ৰক্ষা কৰিলে যদিও দুয়োখন দোকানৰ পৰা কোনো বয় বস্তু বচাব পৰা নগ'ল।দোকান দুখনৰ গৰাকী ক্ৰমে ৰাজা পাইত, মঞ্জয় মাঝি আৰু সন্তোষ চাহু।

ফলমূল,তামোল আৰু কণীৰ পাইকাৰী দোকান আছিল দুয়োখন। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাৰে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

চিলাপথাৰত অগ্নিকাণ্ডঃ দুখনকৈ দুকান ভস্মিভূত...
হাজোত এছ টি এফে খেদি খেদি ধৰিলে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহকাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in