ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানা অন্তৰ্গত লালুং তিনিআলিৰ বিপুল বৰা নামৰ লোকজনৰ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছে প্ৰণীতা ফুকন নামৰ (১৮ ) এগৰাকী যুৱতী। চিচিবৰগাওঁ মহাবিদ্যালয়ত স্নাতক মহলাৰ ১ম বৰ্ষৰ ছাত্ৰী যুৱতীগৰাকী ৷
উল্লেখ্য যে যোৱা ৮ আগষ্টৰ পুৱাইতেই মোমায়েক আৰু মামীয়েকৰ সৈতে একেলগে আহাৰ গ্ৰহন কৰিছিল যুৱতীগৰাকীয়ে। তাৰ পিছতেই মোমায়েক আৰু মামীয়েকে অফিচৰ কামত ঘৰৰ পৰা ওলাই যোৱা পিছৰে পৰাই ভাগিনীয়েক প্ৰনীতা ফুকনে নিৰুদ্দেশ হৈ আছে ৷
জানিব পৰা মতে আজি প্ৰায় পাঁছ বছৰ মান আগৰ পৰাই মোমায়েক- মামীয়েকৰ ঘৰতেই থাকি প্ৰনীতাই পঢ়া-শুনা কৰি আছিল ৷ ইতিমধ্যে ছোৱালীজনী নিৰুদ্দেশ হোৱা খবৰ নিলখ কৈলাসপুৰৰ জন্ম ঘৰখনে জনাৰ পিছত এতিয়া দুয়োখন ঘৰৰ পৰিয়ালৰ মাজতেই হাহাকাৰ লাগিছে ৷
ইতিমধ্যে পৰিয়ালৰলোকে চিচিবৰগাওঁ আৰক্ষীৰ থানাত এজেহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে ছোৱালীৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷ উপায়ন্তৰ হৈ বৃহস্পতিবাৰে পুৱাতেই পৰিয়ালৰ লোকে ধেমাজি প্ৰেছ ক্লাবত উপস্থিত হৈ ঘটনাৰ বিষয়ে সাংবাদিকক অৱগত কৰে ৷ কোনো সদাশয় লোকে ছোৱালীজনীৰ সন্ধান লাভ কৰিলে উল্লেখিত ৮০১১৯৫৯৭৬০ আৰু ৬০০৩১১৯৩৮ নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰলোকে ৷
Also Read: কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবীত সংবাদমেল