ডিজিটেল সংবাদ,গোগামুখ : বহি: ৰাজ্য হায়দৰাবাদৰ এখন চিকিৎসালয়ৰ পৰা গোগামুখৰ এজন যুৱকৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ গোগামুখত চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে বৰদলনি আৰক্ষী থানাৰ অধীনস্থ ন-নদীৰ লোকনাথ দাস আৰু মামনি দাসৰ পুত্ৰ বিজয় দাস ৩৩ নামৰ যুৱকজনে হায়দৰাবাদৰ এটা বেংকত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত হৈ আছিল।
শাৰীৰিক অসুস্থতাৰ বাবে ২৪ জুলাইত হায়দৰাবাদৰ OSMANIA GENERAL HOSPITALত ভৰ্তি হৈছিল যুৱকজন। ফোনযোগে সকলো খবৰ পৰিয়ালক জনাইছিল বিজয়ে।
কিন্তু আচৰ্যজনকভাৱে ২৮ জুলাইত চিকিৎসালয়খনৰ বিচনাত মোবাইল ফোন, নথি পত্ৰ সকলো এৰি নিৰুদ্দেশ হয় যুৱকজন। যুৱকজনৰ নিৰুদ্দেশৰ ঘটনা জানিব পাৰি বিভিন্নজনে বিচাৰ-খোচাৰ কৰে যদিও আজিলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
ইফালে চিকিৎসালয়খনৰ চি চি টিভিৰ দৃশ্য দেখুওৱাবলৈ অমান্তি হোৱাৰ অভিযোগ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাক লৈ পৰিয়ালটোক চিন্তিত কৰি তুলিছে।
নিৰুদ্দেশ হৈ থকা বিজয় দাসৰ সন্ধান যদি কোনোৱে লাভ কৰে তেন্তে 6901142210 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰে আহ্বান জনাইছে। তাৰোপৰি অসম চৰকাৰ তথা প্ৰশাসনৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
Also Read: আজিৰে পৰা ১৫ আগষ্টলৈকে 'অমৃত বৃক্ষ আন্দোলন'