গোগামুখত নেৱাৰ সন্মিলনৰ কোঁৱাতী বিদায় সমাৰোহ উদযাপন

গোগামুখত নেৱাৰ সন্মিলনৰ কোঁৱাতী বিদায় সমাৰোহ উদযাপন

author-image
Asomiya Pratidin
New Update
গোগামুখত নেৱাৰ সন্মিলনৰ কোঁৱাতী বিদায় সমাৰোহ উদযাপন

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমৰ অন্যতম ভূমিপুত্ৰ গোৰ্খা সম্প্ৰদায়ৰ অন্যতম প্ৰশাখা নেৱাৰ সন্মিলনৰ উদ্যোগত দেওবাৰে গোগামুখৰ শলখবাৰীত দিনজোৰা কাৰ্যসূচীৰে বৰ্ণিল পৰিৱেশত কোঁৱাতী বিদায় সমাৰোহ উদযাপন কৰা হয়। গোৰ্খা জনগোষ্ঠীৰ লোক প্ৰবাদ মতে কোৱা মানে এক প্ৰকাৰৰ ৰস আৰু তী- মানে পান কৰা।

গোর্খা সমাজৰ নেৱাৰ সম্প্ৰদায়ৰ লোক সকলে ৯টা বীজৰ এক বিশেষ তৰকাৰী প্ৰস্তুত কৰি পূৰ্ব পুৰুষৰ সময়ৰ পৰা খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। এই স্বকীয় লোক পৰম্পৰা অক্ষুন্ন ৰাখি দেওবাৰে অনুষ্ঠিত কৰা হয় কোঁৱাতী উৎসৱৰ সামৰণি সমাৰোহ। নেৱাৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এই কোঁৱাতী বিদায় সমাৰোহ অনুষ্ঠিত কৰা হয়।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থকা গোৰ্খা সম্প্ৰদায় সকলৰ অন্যতম নেৱাৰ সকলৰ পৰম্পৰাগত কৃষ্টি,সংস্কৃতি,খাদ্য-সাজপাৰ আদি নিজস্ব পৰম্পৰা এই অনুষ্ঠানৰ জৰিয়তে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। দেওবাৰে গোগামুখত অনুষ্ঠিত এই কোঁৱাতী বিদায় সমাৰোহ উদ্বোধন কৰে অসম নেৱাৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা খেম বি প্ৰধানে।

সমাৰোহত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ পৰা উপস্থিত থাকি সমাৰোহত অংশগ্ৰহণ কৰা প্ৰতিনিধি সকলক উষ্ম সম্বৰ্ধনা জনোৱা হয়। অসম নেৱাৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদকৰ প্ৰতাপ নেৱাৰে আঁতধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ করে অসম নেৱাৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণ নেৱাৰে। বিদায় সমাৰোহৰ সতে সংগতি ৰাখি "কোঁৱাতী উৎসৱৰ পৰ‌ম্পৰা আৰু ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগী" শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

বিশিষ্ট অতিথি হিচাপে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণ ভূজেল আদিয়ে অংশগ্ৰহণ কৰি এই পৰম্পৰাগত স্বকীয় লোক পৰম্পৰা নৱ প্ৰজন্মই সংৰক্ষণ আৰু প্ৰসাৰণত যথোচিত গুৰুত্ব প্ৰদানৰ প্ৰাসংগিকতা দোহাৰে। এটি শ্ৰুতিমধুৰ বৃন্দ গানেৰে শুভাৰম্ভ কৰা সমাৰোহৰ স'তে সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

Also Read: ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ

Gugamukh