চিলাপথাৰত বলেৰ' ভানত উদ্ধাৰ নিচাযুক্ত দ্ৰব্য...

চিলাপথাৰত বলেৰ' ভানত উদ্ধাৰ নিচাযুক্ত দ্ৰব্য...
Published on
Updated on

ডিজিটেল সংবাদ, চিলাপথাৰ : সোমবাৰে নিশা ধেমাজি জিলাৰ অসম-অৰুণাচলৰ সীমান্ত চিচিবৰগাঁৱৰ নিলখত অৰুণাচলী সুৰাভৰ্তি তিনিখন গাড়ী জব্দ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিলখ গাঁও পঞ্চায়তৰ জেংৰাই সুন্দৰপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কিছুসংখ্যক নেতা-কৰ্মীৰ তৎপৰতাত অৰুণাচল প্ৰদেশৰ লিকাবালিৰ পৰা সুৰাভৰ্তি বাহনকেইখন জব্দ কৰে।

বাহন কেইখনৰ নম্বৰ হৈছে- এ এচ ২২- চি- ৯৩৩৩, এ এচ ২২- চি- ৯২৫১ আৰু এ এচ ২২- চি- ৮৫৪৯ নম্বৰৰ বলেৰ' পিকাপভান। প্ৰতিখনৰ পৰা ২৫০ কাৰ্টুনকৈ বিলাতী সুৰা জব্দ কৰে। উল্লেখ্য যে নিলখ হৈ অসমত প্ৰৱেশ কৰা সময়তে গোপন সুত্ৰৰ পম খেদি সংগঠন দুটাৰ নেতা-কৰ্মীসকলে গাড়ীসহ সুৰাখিনি জব্দ কৰে।

অসমৰ সীমান্তত অৱস্থিত অৰুণাচলৰ কাংকু বস্তিত এক গোপন স্থানত অৰুণাচলী সুৰাৰ বটলসমূহৰ পৰা অৰুণাচলৰ লেবেল আঁতৰাই অসমৰ লেবেল লগাই অসমত বিক্ৰী কৰিবলৈ বৈধ ৰূপ দিয়াৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে। এই পন্থাৰে অনা সুৰাখিনি চিলাপথাৰৰ আৰক্ষীয়ে নিশা ঘটনাস্থলীৰ পৰা গাড়ীসহ জব্দ কৰে।

চিলাপথাৰ পি এছ গোচৰ নং ১৫০/২৪ ইউ/এছ-৩০৩(২)/৩১৭(২)বিএনএছ আৰ/ডব্লিউ ধাৰা ৫৩(১)(ক) অসম আবকাৰী আইনত এক গোচৰ ৰুজু কৰাৰ কথাও আৰক্ষীয়ে ব্যক্ত কৰে। উক্ত ঘটনাৰে জড়িত লোক কেইজন হৈছে- বসন্ত গগৈ, বিদ্যুৎ চুতীয়া, ৰবীন্দ্ৰ লাহন, ধীৰাজ সোণোৱাল।

উল্লেখযোগ্য যে ঘটনাস্থলীৰ পৰা সুৰাভৰ্তি তিনিওখন গাড়ীৰ সৈতে চালককেইজনক আটক কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে যদিও আৰক্ষীয়ে অদ্যাপি কেইবালাখটকীয়া এই চোৰাং কাৰবাৰৰ মূল খলনায়কক আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী আৰু আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই ধেমাজি জিলাৰ চুকে-কোণে অৰুণাচলী সুৰা সহজলভ্য হৈ পৰিছে। ধেমাজি জিলাৰ মাজেৰে ৰাজ্যৰ আন আন অঞ্চললৈ অৰুণাচলী বিলাতী সুৰা সৰবৰাহ হৈ আছে।

চিলাপথাৰত বলেৰ' ভানত উদ্ধাৰ নিচাযুক্ত দ্ৰব্য...
সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবাৰ্ষিকী : কল্লোল বক্তৃতা শৃংখলাৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in