জোনাই সমজিলা উদ্বোধন মন্ত্ৰী যোগেন মহনৰ...

ঐতিহাসিক দিন বুলি ঘোষণা ভূৱন পেগুৰ
জোনাই সমজিলা উদ্বোধন মন্ত্ৰী যোগেন মহনৰ...
জোনাই সমজিলা উদ্বোধন মন্ত্ৰী যোগেন মহনৰ...
Published on
Updated on

ডিজিটেল সংবাদ জোনাইঃ ধেমাজি জিলাৰ জোনাই সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনৰ দ্বাৰা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী যোগেন মহনে জোনাই সমজিলা আনুষ্ঠানিকভাৱে ঘোষণা কৰি যোগন বিভাগ, পৰিকল্পনা আৰু উন্নয়ন বিভাগ, আবকাৰী বিভাগ, ভূমি আৰু ৰাজহ সংক্ৰান্তৰ কামবোৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ নগৈ সমজিলাতে কৰিব পাৰিব বুলি মন্তব্য কৰে।

তদুপৰি তেওঁ ভাষণত জনজাতি ৰাইজে ৫০ বিঘালৈ ভূমি লাভ কৰিব পাৰিব বুলিও সদৰি কৰে। ইপিনে জোনাই সমষ্টিৰ বিধায়ক ভূবন পেণ্ডৱে জোনাই সমজিলা ঘোষণাৰ দিনটোক ঐতিহাসিক দিন বুলি উল্লেখ কৰি ঐৰামঘাৰ পৰা চিচিকলঘৰলৈ সামৰি‌ ২৪ খন গাঁও পঞ্চায়ত বিশিষ্ট জোনাই সমজিলাই চৰকাৰী প্ৰশাসন যন্ত্ৰক অধিকভাৱে ৰাইজৰ কাষলৈ চপাই নিব বুলি মন্তব্য কৰে।

সভাত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক লোকশিল্পী তৰাৱতী মিলি বৰিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সভাত ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাৱী, জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, ৰূপা কমান, তোলন কোঁৱৰ, নৰেশ কুম্বাং, অতুল পেগু, মূলা কান্ত পেগু, মলেন্দ্ৰ নাৰ্জাৰী, প্ৰকাশময় আগৰৱালা, কৃষ্ণ দেউৰী আদি গণ্যমান্য ব্যক্তিৰ লগতে বহু ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে বৰ্তমান জোনাই সমজিলা জোনাই-মুৰ্কংচেলেক অঞ্চল তাহানিতে 'নেফা'ৰ অধীনত এগৰাকী সহকাৰী পলিটিকেল অফিচাৰৰ দ্বাৰা শাসন কাৰ্য চলিছিল। পৰৱৰ্তী সময়ত এই অঞ্চলক অসমৰ লগত চামিল কৰি ১৯৫১ চনত মুৰ্ক্ংচেলেক জনজাতি আবেষ্টনী এলেকা হিচাপে ঘোষণা কৰে।

ইয়াৰ পিছত ১৯৭৯ চনত জোনাই মহকুমা হিচাপে ঘোষণা কৰে। অৱশেষত আজি জোনাই সমজিলাৰ মৰ্যাদা লাভ কৰে। আনহাতে সভাৰ পিছত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰেক্ষাগৃহ জোনাই সমজিলাৰ মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডত 'সম্পূৰ্ণতা অভিযান'ৰ সভাৰ এখন অনুষ্ঠিত কৰা হয়।

মন্ত্ৰী যোগেন মহন, বিধায়ক ভূবন পেগু, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱী আদি উপস্থিত থকা সভাত জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰাই স্বাস্থ্য, শিক্ষা, কৃষি, সমাজ কল্যাণ আদিৰ বিগত তিনি মাহত ৰূপায়ণ কৰা তথ্য দাঙি ধৰে। তদুপৰি সভাত বিভিন্ন ক্ষেত্ৰত‌ পাৰদৰ্শিতা দেখুওৱা কেইবাজনো বিষয়া-কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয়।

জোনাই সমজিলা উদ্বোধন মন্ত্ৰী যোগেন মহনৰ...
পূজাৰ উপহাৰঃ JMCHত ৬০০ টকাৰ মাচুল বৃদ্ধি ৬০০০ টকালৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in