ডিজিটেল সংবাদ, চিলাপথাৰ: অসমীয়া প্ৰতিদিনৰ কাকতৰ চিমেন চাপৰিৰ সাংবাদিক তুলন সোণোৱাল এক গুৰুতৰ দূৰ্ঘটনাত পতিত হৈ ডিব্ৰগড়ত চিকিৎসাধীন হৈ আছে। ঘটনাৰ প্ৰাপ্ত বিৱৰণী মতে, বিগত ডেৰ দশক ধৰি অসমীয়া প্ৰতিদিন কাকতত সেৱা আগবঢ়াই অহা ডেকাপাম নিবাসী অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক জনে যোৱা ৮ছেপ্টেম্বৰত কোনো কামৰ বাবে চিমেন চাপৰি বাছআস্থানৰ সমীপলৈ যায়। এনে সময়তে দুৰ্ভাগ্যবশতঃ ফৰলেনৰ বাবে নিৰ্মীয়মান নলাত পৰি দূৰ্ঘটনাগ্ৰস্ত হয়।
ঘটনাৰ পিছতে লোকজনে চিমেন আৰু চিলাপথাৰৰ চিকিৎসকৰ পৰামৰ্শ লয় যদিও সুফল লাভ নকৰাত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি হয়। চিকিৎসকে ঘটনাত ৫ ডাল কৈ কমিহাঁড ভঙা সোণোৱালৰ তাৎক্ষণিকভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। জিলাখনৰ এজন নিৰ্ভীক তথা সৎ সাংবাদিক ৰূপে পৰিচিত লোকজনৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে অঞ্চলটোৰ বিভিন্ন সংগঠন আৰু অনুষ্ঠানে।
Also Read: ঘিলামৰা আৰক্ষী থানাৰ উপ পৰিদর্শকৰ প্ৰহাৰত আহত পত্নী...