ডিজিটেল সংবাদ ,ধেমাজি: কাতি বিহু উপলক্ষে বুধবাৰে ধেমাজি জিলা কৃষি বিভাগৰ উদ্যোগত ধেমাজি আৰু জোনাইত কাতিবিহু আৰু কৃষি সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বুধবাৰে ধেমাজিৰ বিষ্ণুপুৰ পঞ্চায়তৰ অন্তৰ্গত বোকাবিল পথাৰত কাতি বিহু উদযাপনৰ উপৰিও ইয়াৰ লগত সংগতি ৰাখি কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সম্পৰ্কত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।
বুটিকুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া দিক্ষীতা শইকীয়াই আতঁ ধৰা সভাখনি জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা হয় ৷ সভাৰ আৰম্ভণিতে কৃষক সকলক কাতি বিহুৰ শুভেচ্ছাৰে বক্তব্য ৰাখে ধেমাজি জিলা কৃষি বিষয়া নৰানাথ পেগুৱে ৷ সভাত উন্নয়নমূলক আঁচনি সম্পৰ্কে বক্তব্য ৰাখে চিচিবৰগাঁও কৃষি উন্নয়ন বিষয়া অনুপম দত্তই।
উল্লেখ্য যে উক্ত সভাত কৃষক ৰাইজে বিভিন্ন আঁচনিসমূহৰ পৰা কেনেকৈ লাভাম্বিত হ'ব পাৰি এই বিষয়লৈও বিষদভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ কেইবাজনো প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনোৱা হয় ৷ সভাৰ অন্তত বিষ্ণুপুৰ বোকাবিল পথাৰত ১০০ গছিকৈ আকাশ বন্তি প্ৰজ্বলন কৰা হয়৷ বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচীত উপস্থিত থাকে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, জিলা কৃষি বিষয়া নৰনাথ পেগু, অতিৰিক্ত জিলা আয়ুক্ত ঋতু পল্লৱ বৰুৱা, জিলা মহকুমা কৃষি বিষয়া বদন লাহন, সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা (কৃষি) সৰু কুমাৰ পগাগ, বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰোহিনী বৰুৱা, সাহিত্যিক পেন্সনা উমেশ চেতিয়া, ধেমাজি জিলাৰ কৃষি উন্নয়ন বিষয়া সকলৰ লগতে বিভাগৰ অন্যান্য বহুকেইগৰাকী বিষয়া কৰ্মচাৰীয়ে ৷
একেদৰেইয়াৰ সমান্তৰালভাৱে জোনাই মহকুমাৰ অন্তৰ্গতনাহৰ গেজেৰা পথাৰতোজিলা বিষয়া বিভাগৰ উদ্যোগত ১০০ গছিকৈ আকাশ বন্তি প্ৰজ্বলন কৰে ৷
Also Read: আজি মুকলি হ'ব 'শ্ৰদ্ধাঞ্জলী উৰণ সেতু'