খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ ২০২৩ৰ সফল সমাপন

খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ ২০২৩ৰ সফল সমাপন
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজীঃ চলিত মাহৰ ২৬ আৰু ২৭ আগষ্ট তাৰিখে ধেমাজী জিলাৰ চিলাপথাৰস্থিত চিলাপথাৰ টাউন কলেজ ইণ্ড'ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ'২০২৩ৰ সফলতাৰে সমাপন কৰা হয়।

অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ উদ্যোগত আৰু ধেমাজী জিলা পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ সহযোগত তথা অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ প্ৰতিস্থাপক সভাপতি ও মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাসী সদস্য পৰমানন্দ চায়েঙীয়াৰ তদাৰকত আয়োজিত হয় এই প্ৰতিযোগিতা।

উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ ২০খন জিলাৰ ৩৩৬গৰাকী মহিলা খেলুৱৈয়ে পেঞ্চাক চিলাট ক্ৰীড়াৰ টেণ্ডিং, টুংগল, গাণ্ডা, ৰুগু, চ'ল' আদি শিতানত প্ৰতিযোগিতা অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিত মুখ্য অতিথি হিচাবে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সভাপতি যগ্যেশ্বৰ কুতুম, বিশিষ্ট অতিথি ৰূপে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰতাপ চন্দ্ৰ টায়ে, চিলাপথাৰ টাউন কলেজৰ অধ্যক্ষ দিব্য দলে, চিলাপথাৰ টাউন চিনিয়ৰ চেকণ্ডাৰী স্কুলৰ অধ্যক্ষ ইন্দ্ৰেশ্বৰ দলে উপস্থিত থাকে।

উল্লেখ্য যে স্পৰ্টছ্‌ অথৰিটী অৱ ইণ্ডিয়াৰ নিৰ্দেশনাত সৰ্বভাৰতীয় পৰ্যায়ত চলি থকা "খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ'২০২৩"ৰ অংশৰূপে চিলাপথাৰ টাউন কলেজ ইণ্ড'ৰ ষ্টেডিয়ামত আয়োজিত প্ৰতিযোগিতাখনিৰ স্পৰ্টছ্‌ অথৰিটী অৱ ইণ্ডিয়াৰ পৰিদৰ্শক ৰূপে উপস্থিত থাকি প্ৰতিযোগিতাখনি সাৰ্থক কৰে বুলি অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেয়ে জানিবলৈ দিয়ে।

খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ ২০২৩ৰ সফল সমাপন
বিশ্বনাথত গ্ৰেপ্তাৰ কুখ্যাত চোৰঃ উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in