জোনাইত কৃষক মুক্তিৰ নেতাক দলবদ্ধ আক্ৰমণৰ ঘটনাক সন্দৰ্ভত সংবাদ মেল

আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ
জোনাইত কৃষক মুক্তিৰ নেতাক দলবদ্ধ আক্ৰমণৰ ঘটনাক সন্দৰ্ভত সংবাদ মেল
জোনাইত কৃষক মুক্তিৰ নেতাক দলবদ্ধ আক্ৰমণৰ ঘটনাক সন্দৰ্ভত সংবাদ মেল
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱক টি এম পি কেৰ এটি দলে জোনাইত দলবদ্ধভাৱে আক্ৰমণ কৰাৰ লগতে বলপূৰ্ব্বকভাৱে অজ্ঞাত স্থানলৈ নি পাৱক অমানুষিক শাৰীৰিক নিৰ্যাতন চলোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও চিকিৎসাধীন হৈ থাকিবলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে যোৱা ২৭ জুলাইতেই সংঘটিত হোৱা এই ঘটনাৰ স্পষ্ট প্ৰমাণ থকাৰ পাছতো জোনাই আৰক্ষীয়ে দুদিন অতিক্ৰম কৰাৰ পিছতো অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাকলৈ সোমবাৰে ধেমাজি লায়ন্স ক্লাৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া,মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে,কাৰ্য্যকৰী সভাপতি ৰাজুৰাজ বৰপাত্ৰগোহাঁইকে ধৰি ধেমাজি জিলাৰ বিষয়ববীয়া সকলৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰুদ্ৰ ভূঞাই সংবাদমেলত উপস্থিত থাকি ঘটনাৰ লগত জড়িত সকলো অপৰাধীৰ বিৰুদ্ধে জোনাই আৰক্ষীয়ে শীঘ্ৰেই গোচৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকগৰাকীয়ে এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে কয় যে, এটা দুষ্ট চক্ৰই দীৰ্ঘদিন চেইফ পাৱক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ অতি আচৰিত যে ঘটনাৰ দুটা দিনৰ পূৰ্বে অৰ্থাৎ ২৫ জুলাইত পাৱক এটা ভুৱা গোচৰত ২৪ ঘন্টা আৱদ্ধ কৰি ৰাখিছিল ৷

চক্ৰটোৱে এই চক্ৰান্তক সফল হ'ব নোৱাৰি পৰবৰ্তী ২৭ জুলাইত হিন্দী চিনেমাৰ দৰেই জঘন্য ভাবে দিন দুপৰতে চেইফক নিৰ্যাতন চলোৱাৰ উপৰিও শেষত প্ৰাণে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল বুলিও সংবাদমেলত অৱগত কৰে ৷ ইয়াৰ উপৰিও কৃষক মুক্তি নেতা চেইফ পাৱে মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ দুই নং পৰিষদীয় সমিতিৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙৰ বিৰুদ্ধে তথ্য জনাৰ আইনৰ অধীনত আৰ টি আইৰ আবেদন কৰাটোকেই আক্ষেপ হিচাপে লৈছিল চক্ৰটোৱে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকগৰাকীয়ে টি এম পি কেক সন্মানেৰে প্ৰশ্ন কৰে যে জঘণ্য ঘটনাৰ সৈতে টি এম পি কেৰ কৰ্মী জড়িত থকাটো স্পষ্ট হোৱাৰ পিচতো সংগঠনটোৱে এতিয়ালৈকে কিয় সেয়া স্বীকাৰ কৰা নাই? শীঘ্ৰেই তেওঁ টি এম পি কেক ইয়াৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনাইছে ৷

নহলে সময়ত ৰাইজে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে বুলিও সকিয়াই দিয়ে ৷ ইফালে সংগঠনটোৰ সম্পাদক শইকীয়াই টি এম পি কেৰ সংগঠনৰ গড ফাডাৰ বুলি সকলোৱে জনা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, জোনাইৰ বিধায়ক ভূৱন পেগু আৰু স্বয়ং ৰাজ্যৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি নীৰৱতা অৱলম্বন কৰে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াত দুৰ্নীতিৰ অংশ সকলোৱে পাইছে বুলি ধৰি ল'ব৷

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেয়ে আৰক্ষী বিভাগৰ নিৰপেক্ষতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, চেইফ পাৱ গুৰুতৰভাৱে জখম হোৱা পিছত জোনাইৰ পৰা ডিব্ৰুগড়ৰলৈ উন্নত চিকিৎসাৰ বাবে নিবলগীয়া হোৱাৰ পিছতো, ভুক্তভোগীৰ পত্নীয়ে জোনাই আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো এই পৰ্যন্ত আৰক্ষীয়ে কোনো পদক্ষেপ কৰা নাই। তেওঁ আগন্তুক ২৪ ঘন্টাৰ ভিতৰত এজাহাৰত উল্লেখ থকা ১৭ অপৰাধীৰ বিৰুদ্ধে যদি কোনো আইনগত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছে।

জোনাইত কৃষক মুক্তিৰ নেতাক দলবদ্ধ আক্ৰমণৰ ঘটনাক সন্দৰ্ভত সংবাদ মেল
অভিমন্যুক চক্ৰবেহুত বন্দী কৰাৰ দৰেই বিজিপি চৰকাৰে সমগ্ৰ দেশক বন্দী কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in