ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ "খোজ" উন্মোচনৰ বাবে বুধবাৰে চিলাপথাৰত এক গাম্ভীৰ্য্যপূৰ্ণ সভা অনুষ্ঠিত হয়। চিলাপথাৰ নগৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত "খোজ" ( ই আলোচনী) উন্মোচন কৰে অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে। দিপামণি বকলে সম্পাদনা কৰা খোজৰ উন্মোচনী ভাষণত কবি ভুবন দাসে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ ফল সাহিত্য ক্ষেত্ৰখনতো পৰিছে।
ছপা সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি আৰু সময়ৰ অভাৱত মানুহৰ আগ্ৰহ ছপা মাধ্যমৰ প্ৰতি কমি আহিছে আৰু ই সাহিত্যৰ কাষ চাপিছে বুলি কয়। অনুষ্ঠানত লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰে শাখা সভানেত্ৰী আইমণি গোহাঁই বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে সাংগঠনিক সম্পাদিকা কল্পনা গগৈয়ে। বন্তি প্ৰজ্বলন কৰে অন্য এগৰাকী সাংগঠনিক সম্পাদিকা ৰূপাঞ্জলি সেনচোৱাই। চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে মঞ্চ মুকলি কৰাৰ পিছত দুপৰীয়া ১২ বজাৰ পৰা আইমণি গোঁহাই বৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।
সভাখন আঁতধৰে শাখা সম্পাদিকা অঞ্জুমণি গগৈয়ে । নিৰ্দিষ্ট বক্তাৰ ভাষণ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈয়ে কয় যে লেখিকাসকলে কবিতা; গল্প; প্ৰবন্ধ আদি লিখাৰ আগতে সেই বিষয়ত অধিক অধ্যয়ণ কৰাৰ দৰকাৰ। বিশিষ্ট অতিথি হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা তথা লোকশ্ৰী বিমলা গগৈয়ে মনোগ্ৰাহী ভাষণৰ লগতে পুৰণি দিনীয়া বিহুনাম গাই সকলোকে আনন্দ দিয়ে।
ইয়াৰ পিছতে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰুক্মিনী বৰগোঁহাই; ৰাজ্যিক কৃতী শিক্ষক গোপাল চন্দ্ৰ দেৱ; অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ঘনকান্ত গগৈ আদিয়ে বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱবালা বৰগোঁহাই; লাৱন্য হাজৰিকা; অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভাগ্যৱতী দত্ত; কানন পেগু; সাংস্কৃতিক কৰ্মী ৰেণু বৰুৱা আদি উপস্থিত থাকে।
অনুষ্ঠানটোত আইমণি গোঁহাই বৰুৱা আৰু আৰতি বৰুৱাৰ নেতৃত্বত লেখিকাসকলে দিহানাম পৰিবেশন কৰে। অৰ্ধ শতাধিক লেখিকা উপস্থিত থকা অনুষ্ঠানটোত শেষত পত্ৰিকা সম্পাদিকা দিপামণি বকলে শলাগৰ শৰাই আগবঢ়ায়। শেষত জাতীয় সংগীতেৰে কাৰ্যসূচীৰ সামৰণি পৰে।