ধেমাজি জিলা কংগ্ৰেছৰ সভাপতিক অপসাৰণৰ দাবীৰে ভূপেন বৰালৈ পত্ৰ

মহেন্দ্ৰ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ৭ টা অভিযোগেৰে বহু কংগ্ৰেছ কৰ্মীৰ স্বাক্ষৰ সম্বলিত স্মাৰপত্ৰ তুলি দিলে ভূপেন বৰাৰ হাতত
ধেমাজি জিলা কংগ্ৰেছৰ সভাপতিক অপসাৰণৰ দাবীৰে ভূপেন বৰালৈ পত্ৰ
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি কংগ্ৰেছ দলক সাংগঠনিক দিশত শক্তি কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই বাৰম্বাৰ চেষ্টা অব্যাহত ৰাখিলেও ধেমাজি কংগ্ৰেছ দলৰ একাংশ সুবিধাবাদী নেতা কৰ্মীৰ বাবে বাৰে বাৰে কংগ্ৰেছ দলে ধেমাজি সমষ্টিটো হেৰুৱাব লগীয়া হোৱাৰ গুৰুতৰ অভিযোগ কৰিছে একাংশ জিলা কংগ্ৰেছ কৰ্মীয়ে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ধেমাজি জিলা কংগ্ৰেছ দলত সভাপতি হিচাপে থকা মহেন্দ্ৰ বুঢ়াগোঁহাইৰ কামকাজৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ সমিতিক ইতিমধ্যে অভিযোগ দি আহিছে। তাৰ পিছতো এই পৰ্যন্ত সভাপতিগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দলৰ মাজতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

তাৎপৰ্যপূৰ্ণ যে বুধবাৰেও ধেমাজি কংগ্ৰেছৰ কৰ্মী সভালৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ কংগ্ৰেছ কৰ্মীসকলে সাক্ষাৎ কৰি সাতটাকৈ গুৰুতৰ অভিযোগেৰে বহু কংগ্ৰেছ কৰ্মীৰ স্বাক্ষৰ সম্বলিত এক স্মাৰকপত্ৰ দাখিল কৰে। এই স্মাৰক পত্ৰত জিলাখনৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁইক শীঘ্ৰেই অপসাৰণ কৰাৰ দাবী তোলা হৈছে। কিন্তু লক্ষ্যণীয় হ'ব ভূপেন বৰাই এইগৰাকী কংগ্ৰেছ নেতাক অপসাৰণ কৰে নে পূৰ্বৰ দৰেই এই অভিযোগক গুৰুত্বহীন কৰে।

ধেমাজি জিলা কংগ্ৰেছৰ সভাপতিক অপসাৰণৰ দাবীৰে ভূপেন বৰালৈ পত্ৰ
অসম জাতীয়তাবাদী যুৱ পৰিষদে জয়ন্ত বৰুৱাক প্ৰদান কৰিলে ''জননী গৌৰৱ বঁটা-২০২৪''...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in