ডিজিটেল সংবাদ, ধেমাজিঃ ইউনাইটেড অৰ্গেনিক স্মল ফাৰমাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ সমবায় সমিতি লিমিটেড ধেমাজিৰ উদ্যোগত ধেমাজি ছুপাৰ মাৰ্কেটত বৃহস্পতিবাৰে জৈৱিক কৃষি খাদ্যৰ বিপনন কেন্দ্ৰ এটি আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে অসম চৰকাৰৰ কোপাৰে'টিভ ছচাইটিৰ ধেমাজি কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক উত্তম সিংহাই ৷ এই উপলক্ষে মুকলি অনুষ্ঠানত উপস্থিত থাকে সোণাৰী জিলাৰ অভিজ্ঞ জৈৱিক কৃষক তথা ইউনাইটেড অৰ্গেনিক স্মল ফাৰমাৰ্ছ এণ্ড প্ৰউিউচাৰ্ছ সমবায় লিমিটেডৰ অসমৰৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নিবাৰঞ্জন দাস।
ধেমাজি জিলাখনৰ প্ৰায় ৫০ জন কৃষকে জৈৱিক প্ৰদ্ধতিৰে উৎপাদন কৰা বিভিন্ন থলুৱাৰ শাক-পাচলি,ফলমূল, মৌ ৰস,জৈৱিক চাহ আৰু চাউল দৈনিক ৰাইজৰ বাবে সহজতে পোৱা ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে, ইউনাইটেড অৰ্গেনিক স্মল ফাৰমাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ সমবায় সমিতিৰ লিমিটেড ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰম্ভ কৰা বিপণন কেন্দ্ৰটোত কৃষকসকলে উৎপাদন কৰা সামগ্ৰীসমূহ মজুত কৰি ৰখা উপৰিও একেলগে জিলাখনৰ অন্যান্য ঠাইতো উপলব্ধ হ'ব ৷
কৃষকসকলে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা প্ৰতিটো সামগ্ৰীতে একোটাকৈ কিউ আৰু কোড থকাৰ লগতে জৈৱিক প্ৰদ্ধতিৰে খেতি কৰা কৃষকসকলৰ আই ডিয়ো থাকিব ৷ ইয়াৰ জৰিয়তে গ্ৰাহকে প্ৰকৃতে কৃষকজনে জৈৱিক প্ৰদ্ধতিৰে খেতি কৰিছে নে নাই তাৰ সকলো তথ্য জানিব পাৰিব ৷
ইপিনে ইউনাইটেড অৰ্গেনিক স্মল ফাৰৰ্মাছ এণ্ড প্ৰডিউচাৰ্ছ সমবায় সমিতিৰ লিমিটেডৰ ৰাজ্যিক সমিতিৰ সম্পাদক নিবাৰঞ্জন দাসে জনোৱামতে ৰাজ্যখনত প্ৰায় ৩২৯ গৰাকী কৃষকে জৈৱিক পদ্ধতিৰে খেতি কৰা তেওঁলোকৰ সমিতিখনৰ কৃষক আছে ৷ ইতিমধ্যে ধেমাজিত মুকলি কৰাটোৱে প্ৰথম আৰু পৰবৰ্তী পৰ্যায়ত ৰাজ্যখনৰ ১১ খন জিলাত জৈৱিক প্ৰদ্ধতিৰে বিপণন কেন্দ্ৰ মুকলি কৰাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি উল্লেখ কৰে৷
ভাৰত চৰকাৰৰ অংশগ্ৰহণমূলক নিশ্চিতকৰন প্ৰণালী মাধ্যমৰ আধাৰত পঞ্জীভুক্ত সমবায় সমিতিখনে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শস্যসমূহ যাতে ৰাইজে গ্ৰহণ কৰি স্বাস্থ্য যতন কৰি ৰখাৰ তেওঁ আহবান জনায় ৷
Also Read: Inter IIT Aquatics Meet ত ভাৰ্গৱ ফুকনৰ স্বৰ্ণসহ তিনিটা পদক অৰ্জন...