ডিজিটেল সংবাদ ধেমাজিঃ সাংবাদিকে, সংবাদ মাধ্যমকে কি বাতৰি প্ৰকাশ কৰিব, কি নকৰিব তাৰ নীতি শিক্ষা দিলে মন্ত্ৰী অশোক সিংঘালে। জনসাধাৰণে কি বাতৰি চাব, কি নাচাব তাৰো ভৱিষ্যতবাণী কৰিলে বহুবল্কী মন্ত্ৰী অশোক সিংঘালে।
বান মুক্ত গুৱাহাটীৰ কথাৰ ফুলজাৰি মৰা, নিজৰ বিভাগটোকে দক্ষতাৰে পৰিচালনা কৰাত অসমৰ্থ বুলি অভিযোগ থকা মন্ত্ৰী অশোক সিংঘালে সাংবাদিকক ক'লে কি বাতৰি প্ৰচাৰ কৰিব আৰু কি নকৰিব।
বুধবাৰে ধেমাজি আৰু জোনাই ভ্ৰমণলৈ আহিছে অসম চৰকাৰৰ জলসিঞ্চন আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল। তাৰ মাজতে মন্ত্ৰীগৰাকীয়ে বিয়লি ৩ বজাত ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয়।
এই বৈঠকৰ পিছতে তেওঁ সভাকক্ষত সাংবাদিকৰ সৈতে মুখামুখী হয়। ইয়াতেই তেওঁ সাংবাদিকৰ আগক প্ৰশ্ন কৰি কয়, কংগ্ৰেছৰ ভেল্যু আছে নেকি ? টিভিত কংগ্ৰেছৰ বিষয়ে প্ৰচাৰ কৰা এতিয়া বাদ দিয়ক।
তেওঁ কয়, আপোনালোকে কংগ্ৰেছক এতিয়া টিভি চেনেলত জীয়াই ৰাখি লাভ নাই ৷ তেওঁৰ মতে এতিয়া কংগ্ৰেছ নাই। সাংবাদিকেহে কংগ্ৰেছক টিভিত জীয়াই ৰাখিছে। সংবাদ মাধ্যমে যিমানেই কংগ্ৰেছৰ বাতৰি প্ৰচাৰ কৰিব সিমানে ৰাইজে সেইবোৰ নিউজ চেনেল নোচোৱা হ'ব ৷
তেওঁ কয়, কংগ্ৰেছৰ বাতৰি উলিয়াই থাকিলে আপোনালোকৰ চেনেলৰ টি.আৰ.পি. কমিব। কংগ্ৰেছৰ বাতৰি দেখিলেই মানুহে চেনেল বদলাই দিব।
Chaired a meeting of the Irrigation Dept to review the implementation of irrigation schemes in Dhemaji district as per the Irrigation Master Plan at the conference hall of the DC Office at Dhemaji.
Impressed upon the officials present on the need to ensure that our schemes reach… pic.twitter.com/4wGBXGGVK6— Ashok Singhal (@TheAshokSinghal) April 26, 2023
Also Read: ঢকুৱাখনাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...