পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

প্ৰকৃতি সংগঠন-ৰাইজৰ আদৰণি
পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
Published on
Updated on

ডিজিটেল সংবাদ,জোনাই :  ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল‌ পবা সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি সন্দৰ্ভত শুকুৰবাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে‌ উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ কথা সদৰী কৰে।

জোনাইবাসীৰ মৌলিক তথা অন্যতম গুৰুত্বপূৰ্ণ দাবী বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য‌ৰ মৰ্যাদা প্ৰদানৰ বাবে বিধায়ক ভূৱন পেগুৱে বিধানসভাৰ অধিবেশনত প্ৰশ্ন উত্থাপন কৰে। ধেমাজি জিলাৰ জোনাই মহকুমাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত‌ তথা চিয়াং নদীৰ পাৰত অৱস্থিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ সদনত তথ্যসমৃদ্ধ প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক ভুবন পেগুৱে।

বিধায়কগৰাকীয়ে এই সন্দৰ্ভত‌ কয় যে, ব্ৰিটিছৰ দিনতে ১৯২৪ চনত সংৰক্ষিত বনাঞ্চলৰ হিচাপে ঘোষণা কৰা বৰ্ষাৰণ্য পবা এশ বছৰ পূৰ্ণ কৰিলে। শতিকাৰ গৰকা পবা সংৰক্ষিত বনাঞ্চলৰ সমীপতে‌ আছে কবু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ডি ইৰিং অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

এই ঠাইতে চিয়াং-ডিবাং-লোহিত নদীৰ সংগম স্থলী। চিয়াং নদীৰ খহনীয়াত পবাৰ বনভূমি নদীৰ বুকুত জাহ গৈছে যদিও জলসম্পদ বিভাগৰ পাৰ্কুপাইন আঁচনি স্থাপন পিছত বিগত তিনি বছৰ পৰা বিস্তীৰ্ণ অঞ্চলত নতুন চাপৰি সৃষ্টি হৈছে।

পবা জোনাই অঞ্চলৰ ৰক্ষা কৱচ স্বৰূপ। পবা অঞ্চলটোৰ একমাত্ৰ বৰ্ষাৰণ্য। বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত বিভিন্ন দুষ্প্ৰাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু গছ-গছনিৰে সমৃদ্ধিশালী অৰণ্য ভূমি। পবা বন্যহস্তীৰ আবাসস্থল।

বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ বাবে বিভিন্ন কাকত বাতৰি ওলাই থকাৰ লগতে টি এম পি কে, ছেভ পবা ৰেইন ফৰেষ্ট লগতে বিভিন্ন সংগঠন আৰু ৰাইজে বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ দাবী উত্থাপন কৰি আহিছে। ফলত বৰ্ষাৰণ্য পবাৰ জীৱকুল আৰু উদ্ভিদ প্ৰজাতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নদীদ্বীপ কবু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংলগ্ন কৰি বৰ্ষাৰণ্য পবাক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰিবলৈ বিধায়ক ভুবন পেগুৱে‌ সদনত উত্থাপন কৰে।

ইপিনে বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়ক ভুবন পেগুৰ প্ৰশ্নৰ উত্তৰ দি সদনত কয়,  বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৈতে কালিয়ে আলোচনা কৰা হৈছিল। বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি সংৰক্ষণ কৰাটো চৰকাৰৰ নৈতিক কৰ্তব্য বুলিও মন্তব্য কৰে।

তদুপৰি মন্ত্ৰী পাটোৱাৰীয়ে সদৰী কৰা মতে, প্ৰস্তাৱিত পবা  বন্যপ্ৰাণী অভয়াৰণ্যৰ সৰ্বমুঠ এলেকা ২৫৭.২৯ বৰ্গ কিলোমিটাৰ। ইয়াৰে পবা সংৰক্ষিত বনাঞ্চলৰ এলেকা ৫৩.৩৯ বৰ্গকিলোমিটাৰ, কবু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ২.৮ বৰ্গকিলোমিটাৰ আৰু নদী অঞ্চল ২০১.৪২ বৰ্গকিলোমিটাৰ।

বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাক মুখ্যমন্ত্ৰীয়ে সম্মতি দিয়া বুলি সদৰী কৰি মন্ত্ৰী পাটোৱাৰীয়ে সদনত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি শীঘ্ৰে ইয়াৰ যাৱতীয় কাম-কাজৰ আৰম্ভ কৰিব‌‌ বুলি কয়।

মন্ত্ৰী পাটোৱাৰীয়ে পবাক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰাক অগ্ৰণী পৰিৱেশৰ সংগঠন 'ছেভ পবা ৰেইন ফৰেষ্টে' আদৰণি জনায়। বৰ্ষাৰণ্য পবাক বিধানসভাৰ মজিয়াত বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ প্ৰশ্ন উত্থাপন কৰি পবাৰ সুৰক্ষা তথা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মৰ্যাদা লাভৰ দীৰ্ঘদিনীয়া আন্দোলনক এখোজ আগুৱাই নিয়াৰ বাবে অগ্ৰণী পৰিৱেশ সংগঠন 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ লগতে সমূহ জোনাইবাসীৰ হৈ বিধায়ক ভূৱন পেগুলৈ অশেষ আন্তৰিক ধন্যবাদ আৰু শুভ কামনা জ্ঞাপন কৰে।

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ চৰকৰী অধ্যাদেশ জাৰি কৰি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বিগত ২০২০ চনতো তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল।

কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা ঘোষণাতেই সীমাবদ্ধ হৈ থাকিল। ফলত এইবাৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাক কাৰ্যকৰী কৰিবলৈ ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে দাবী জনায়।

টি এম‌ পি কে, এম এম কে আৰু টি এম‌ এম‌ কে‌ই পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিধায়ক ভুৱন পেগু আৰু পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবে আস্থা প্ৰদান কৰা বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক ধন্যবাদ জ্ঞাপন কৰে।

পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
ছাত্ৰীক নিৰ্যাতন ! ৰঙাঘৰৰ আলহী হ'ল ধলপুৰৰ শিক্ষক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in