চিলাপথাৰত ৪১ সংখ্যক মিচিং কাংকিন কেবাং অনুষ্ঠিত...

চিলাপথাৰত ৪১ সংখ্যক মিচিং কাংকিন কেবাং অনুষ্ঠিত...

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ৪১ সংখ্যক মিচিং কাংকিন কেবাং অনুষ্ঠিত...

ডিজিটেল সংবাদ,চিলাপথাৰঃ বিগত বৰ্ষৰ দৰে এইবেলিও চিলাপথাৰত ৪১ সংখ্যক মিচিং কাংকিন কেবাং অনুষ্ঠিত হয়। অনুষ্ঠানত ২০খন উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সমবেত হয়। জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে জীপাল হৈ পৰে উদযাপনথলী।

টাকাম মিচিং পৰিণ কেবাঙৰ চিলাপথাৰ সমিতিৰ উদ্যোগত,TMPK আৰু অঞ্চলটোৰ সকলো কলেজ গোটৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰৰ দঃঞি পঃল কালচাৰেল কমপ্লেক্সত অনুষ্ঠিত এই অয়োজন কৰে।

  User
User

দিনযোৰাকৈ আয়োজিত কেবাঙৰ কাৰ্যসূচী অনুযায়ী পুৱা চাফাই অভিযান,পতাকা উত্তোলন,শ্বহীদ তৰ্পণ আৰু গছ পুলি ৰোপনৰ পিছতেই বিভিন্ন সংস্কৃতিক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয়।

জনগোষ্ঠীয় গীত-নৃত্যৰে জীপাল হৈ পৰে সভাস্থলী। কেবাঙৰ সৈতে সংগতি ৰাখি প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা "কাৰ্চাং" উন্মোচন কৰে মিচিং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য জহান দলেই।

  User
User

বিয়লি অনুষ্ঠিত মুকলি সভাত মিচিং জাতিৰ ৰাজনৈতিক,আৰ্থ- সামাজিক,সাংস্কৃতিক আৰু শৈক্ষিক দিশৰ সৈতে জড়িত অতিথি সকল উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে।

Also Read: বৰ্ণাঢ্য শোভাযাত্ৰাৰে মৰিগাঁৱত ভাষা গৌৰৱ সপ্তাহ উদযাপন...

silapathar