দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপনৰ সিদ্ধান্ত মিচিং স্বায়ত্তশাসিত পৰিষদৰ...

দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপনৰ সিদ্ধান্ত মিচিং স্বায়ত্তশাসিত পৰিষদৰ...
Published on
Updated on

ডিজিটেল সংবাদ, জোনাইঃ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত শতবৰ্ষীয় তথা দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপনৰ সন্দৰ্ভত আজি চিৰকি নানে লত্তাৰ মুৰঙত বৃহত্তৰ ৰাজহুৱা সভা এখন অনুষ্ঠিত কৰা হয়। বৰ্ষাৰণ্য পবাৰ জীৱ-বৈচিত্ৰ্যৰ সুৰক্ষা-সংৰক্ষণ তথা অভয়াৰণ্য স্বীকৃতিৰ দাবীৰ প্ৰতি অধিক জনমত গঠন আৰু পৰ্যটন উদ্যোগ বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত হ'বলগা পবা মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হোৱা সভাত বিভিন্ন প্রকৃতি সংগঠন আৰু স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠান, টি এম পি কে, এম এম কে আৰু টি এম এম কে আদিৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক আৰু প্ৰকৃতিৰপ্ৰেমী ৰাইজে উপস্থিত থাকে।

বিশিষ্ট নাগৰিক জন্মেশ্বৰ মেদকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষণ আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ববীকান্ত পেগুৱে। ইপিনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য ৰাজু মেদকে বৰ্ষাৰণ্য পবা বনাঞ্চলখন প্রাকৃতিক সম্পদ, জীব-বৈচিত্ৰ্যৰে অতিকৈ চহকী তথা ইতিহাস প্রসিদ্ধ বুলি উল্লেখ কৰি জোনাই মহকুমাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ চিয়াং নদীৰ পাৰত অৱস্থিত তথা ১৯২৪ চনতে ব্ৰিটিছৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ২০২৪ চনত এশ বছৰ পূৰ্ণ হ'ব।

শতিকা গৰকা পবা বনাঞ্চলৰ এই ঐতিহাসিক ক্ষণত শতবৰ্ষীয় তথা দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপনৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে। উল্লেখযোগ্য যে ২০১৫ চনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত প্ৰথম পবা মহোৎসৱ উদযাপন কৰা হয়।

সভাত ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে আঁত ধৰি বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সমৃদ্ধিশালী জীৱ-বৈচিত্ৰ্য আৰু অৰণ্যই থলুৱা জনজীৱন আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদান, পবা কেন্দ্ৰীক পৰ্যটন উদ্যোগ বিকাশৰ সম্ভাৱনা আদি উল্লেখ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ শতবৰ্ষীয় তথা দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ আদৰণি জনাই পবা বনাঞ্চলক কেৱল সংৰক্ষিত বনাঞ্চলৰ পৰ্যায়তে ভৱিষ্যতৰ বাবে সংৰক্ষিত কৰি ৰখাটো এতিয়া সম্ভৱপৰ নহয়, চৰকাৰে শীঘ্ৰে ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিলেহে বৰ্ষাৰণ্য পবা ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকি বুলি মন্তব্য কৰে।

সভাত জ্যেষ্ঠ নাগৰিক বলেশ্বৰ কাৰ্দং, ৰাসেশ্বৰ পায়েং, মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য প্ৰশান্ত বৰি, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দীপক কুমাৰ দলে, ছেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা ৰাজীৱ পেগু, বিজয় বৰি, টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, টি এম এম কেৰ সভানেত্ৰী গীতাঞ্জলি বৰি পাতিৰ, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, লৃচাং কলেজৰ অধ্যক্ষ বিজয় কুমাৰ নৰহ, মুৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী দলে, জোনাই জিলা ট্ৰাইবেল সংঘৰ সম্পাদক পদ্মেশ্বৰ দলে, জোনাই জিলা টি এম পি কেৰ সভাপতি সঞ্জয় কুম্বাং, সম্পাদক মিগম দলে, মুক্তি নাথ পেগু, জোনাই পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, কাউন্সিলৰ কমলা শৰ্মা, অধিবক্তা মহেন্দ্ৰ পেগু, প্ৰফুল্ল কমান আদিয়ে বক্তব্য প্ৰদান কৰে।

বক্তব্যসকলে জীৱ-বৈচিত্ৰ্য ভঁৰাল বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল অসমৰ সমৃদ্ধিশালী অৰণ্য ভূমি বুলি উল্লেখ কৰি অঞ্চলটোত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা লগতে চিয়াং-লালী নদীৰ বান-খহনীয়াৰ পৰা জোনাই অঞ্চলক সুৰক্ষা দি অহা বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক সুৰক্ষা আৰু উপায়ুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ শতিকা গৰকাৰ মুহূৰ্ততে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত শতবৰ্ষ তথা দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপনক আদৰণি জনায়। সভাত শতবৰ্ষীয় তথা দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপন সমিতি এখন গঠন কৰা হয়।

সভাত ৰাজু মেদকক সভাপতি, ৰাজকুমাৰ মৰাঙক সভাপতি, নৰেশ কুম্বাং সাধাৰণ সম্পাদক, ৰয়েল পেগুক সহকাৰী সাধাৰণ সম্পাদক, মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য প্ৰশান্ত বৰি, সাধাৰণ সদস্য পদুম ৰায়, ববীকান্ত পেগু, অতুল পেগু, মুক্তি নাথ পেগু, সঞ্জয় কুম্বাং, দিন নৰহ, জয়ন্ত বৰি, বিজয় বৰি, দিনেশ পেগু, জান দলে, ফ্ৰান্সিছ পাতিৰ, বিশ্বকান্ত দলে, ভাস্কৰজ্যোতি টায়েং আদিৰ লগতে বিভিন্ন জাতীয় ছাত্ৰ সংগঠন, প্ৰকৃতি সংগঠন, সামাজিক সংগঠনৰ প্ৰতিনিধিক সদস্য হিচাপে লৈ কমিটীখন গঠন কৰে।

তদুপৰি সভাই মিচিং স্বায়ত্ত শাসিত পৰিষদ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াক পৃষ্ঠপোষকক আৰু বিধায়ক ভূবন পেগুক ভুবন পেগুক উপদেষ্টা হিচাপে মনোনীত কৰে। তদুপৰি সভাত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল সুৰক্ষা, কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক পবা সংৰক্ষিত বনাঞ্চলৰ লগত সংলগ্ন কৰা, কবু চাপৰিত বন খণ্ড কাৰ্যালয় স্থাপন, চিৰুং, জেলম, ৰিগবি, বেৰাচাপৰিত বন শিবিৰ স্থাপন কৰা সন্দৰ্ভত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপনৰ সিদ্ধান্ত মিচিং স্বায়ত্তশাসিত পৰিষদৰ...
পবা বনাঞ্চলত খাদ্য সংকটত ভুগিছে প্ৰায় অৰ্ধ শতাধিক প্ৰভুভক্তই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in