মৰিঢল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত আছু প্ৰাৰ্থীৰ জয়লাভ

মৰিঢল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত আছু প্ৰাৰ্থীৰ জয়লাভ
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰিঢল মহাবিদ্যালয়ত বুধবাৰে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হয়।২০২৩-২৪ শিক্ষাবৰ্ষৰ এই ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্র সন্থাৰ সমৰ্থিত কেউগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ।

ছাত্র একতা সভাৰ নিৰ্বাচনত সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে অবিনাশ শৰ্মা নিৰ্বাচিত হয়। সাধাৰণ সম্পাদক পদত মানস প্ৰতীম দত্তই ৪৬ টা ভোটত জয়লাভ কৰে।

ছাত্র সন্থাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে সহ সাধাৰণ সম্পাদিকা পদত প্ৰিয়ংকা দলে, আলোচনী সম্পাদিকা পদত নৱনীতা বৰুৱা, গুৰু ক্ৰীড়া বিভাগত অজয় টাও, ছাত্র জিৰণি কোঠা বিভাগত মিগম পেগু আৰু ছাত্রী জিৰণি কোঠা পদত ৰুণা গগৈয়ে জয়লাভ কৰে ।

এক বিবৃতিৰ জৰিয়তে মৰিঢল মহাবিদ্যালয়ৰ আছু গোটৰ সভাপতি জগদীশ দিহিংগীয়া আৰু সাধাৰণ সম্পাসক ড্ৰোণ গগৈয়ে কয়-"এই জয় মৰিঢল মহাবিদ্যালয়ৰ ছাত্র সমাজৰ জয়। এই জয় সততাৰ জয়। কোনো ধনবল, প্ৰলোভন আৰু জাত-পাতৰ ৰাজনীতিয়ে যে মৰিঢল মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীক প্ৰভাৱিত কৰিব নোৱাৰে সেইয়াই আজি ছাত্র একতা সভাৰ নিৰ্বাচনত প্ৰমাণ হ'ল।"

বিজয়ী প্ৰাৰ্থীসকলক শুভেচ্ছা জনাই সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ উপদেষ্টা দিপক শৰ্মা,সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, সহ সাধাৰণ সম্পাদক বিৰাজ কোঁৱৰ, শিক্ষা সম্পাদক কমল ৰাভা আৰু মৰিঢল আঞ্চলিক ছাত্র সন্থাৰ সভাপতি যতীন্দ্ৰ দত্ত আৰু সাধাৰণ সম্পাদক নিতুৰঞ্জণ লালুঙে। ছাত্র একতা সভাৰ নৱ-নিৰ্বাচিত বিষয়-ববীয়াসকলক আগন্তুক দিনবিলাকত মৰিঢল মহাবিদ্যালয়ৰ ছাত্র সমাজৰ উত্তৰণৰ হকে দায়বদ্ধতাৰে সকলোকে একত্রিত কৰি কাম কাজ কৰি যাবলৈ আহ্বান জনায় ।

মৰিঢল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত আছু প্ৰাৰ্থীৰ জয়লাভ
কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন আৰু আলোচনাচক্ৰ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in