হাবুঙৰ বাকৰিত শিক্ষিত নিবনুৱাক অসম আৰক্ষীত নিযুক্তিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিছে নৃপেন বৰগোহাঁয়ে...

অসম আৰক্ষীকে ধৰি প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন পদৰ বাবে দিছে শাৰীৰিক প্ৰশিক্ষণ
হাবুঙৰ বাকৰিত শিক্ষিত নিবনুৱাক অসম আৰক্ষীত নিযুক্তিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিছে নৃপেন বৰগোহাঁয়ে...
হাবুঙৰ বাকৰিত শিক্ষিত নিবনুৱাক অসম আৰক্ষীত নিযুক্তিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিছে নৃপেন বৰগোহাঁয়ে...
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ ধেমাজি ঐতিহাসিক হাবুঙৰ বাকৰিত এগৰাকী অসম আৰক্ষীৰ বেটিলিয়নত কৰ্মৰত জোৱানে অঞ্চলটোৰ শিক্ষিত যুৱক-যুৱতীক অসম আৰক্ষীৰ লগতে বিভিন্ন প্ৰতিৰক্ষামূলক বিভাগত নিযুক্তিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা কাৰ্যক অঞ্চলটোত ৰাইজে শলাগ লৈছে।

নৃপেন বুঢ়াগোহাঁই নামৰ অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱান জনে নিয়ম অনুসৰি বছৰত অৰ্জিত ছুটীৰ দিন কেইটা ব্যক্তিগত কামকাজত ব্যৱহাৰ নকৰি কেৱল অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলৰ জীৱন জীৱিকাৰ সন্ধানৰ উদ্দেশ্যে আগত ৰাখিয়ে বিভিন্ন শাৰীৰিক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। সদ্যহতে তেওঁ আগন্তুক অসম আৰক্ষীৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া শাৰীৰিক পৰীক্ষাৰ বাবে অঞ্চলটোৰ যুৱক-যুৱতীসকলক প্ৰস্তুত কৰি তুলিছে।

পশ্চিম ধেমাজিৰ নৃপেন বুঢ়াগোহাঁই এমাহৰ বাবে ছুটিত আহিছে ৷ এই ছুটিৰ সময়ছোৱাত জোৱান জনে বৃহত্তৰ হাবুং এলেকাৰ যুৱক-যুৱতীসকলে যাতে প্ৰতিৰক্ষা বিভাগৰ যিকোনো শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যি ধৰনৰ শাৰীৰিক অনুশীলনৰ প্ৰয়োজন সেই অনুশীলনৰ প্ৰশিক্ষণ দিয়াৰ প্ৰচেষ্টা চলাইছে।

বৰ্তমান তেওঁৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে অঞ্চলটোৰ ৫৭ গৰাকী যুৱক-যুৱতীয়ে।হাবুংৰ খেলপথাৰত নৃপেনৰ তত্বাৱধানত দৈনিক কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত হৈছে এই যুৱক-যুৱতীসকল।

আগন্তুক অসম আৰক্ষীৰ পৰীক্ষাত এইসকল প্ৰশিক্ষাৰ্থী নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলিও আশাবাদী নৃপেন বুঢ়াগোহাঁই ৷ ইফালে নৃপেন বুঢ়াগোহাঁইৰ অধীনত এইদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ পাই উৎসাহিত হৈ পৰিছে অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকল ৷

আগন্তুক দিনত এই অনুশীলনৰ জৰিয়তে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে। ইফালে ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া আৰু চিত্ৰ শিল্পী তথা চুকাফাৰ বঁটা প্ৰাপক তথা টাই গৱেষক ড° পুষ্প গগৈয়ে হাবুঙৰ বাকৰিত উপস্থিত হৈ আৰক্ষী জোৱান জনৰ এনে নিস্বাৰ্থ কাৰ্য্যক প্ৰশংসা কৰে ৷

হাবুঙৰ বাকৰিত শিক্ষিত নিবনুৱাক অসম আৰক্ষীত নিযুক্তিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিছে নৃপেন বৰগোহাঁয়ে...
মহা দালাল 'দুলাল'ক লৈ গুৱাহাটীত উপস্থিত অসম আৰক্ষীৰ বিশেষ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in