গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ...

স্মাৰ্ট মিটাৰ খুলি আনি পুৰণি মিটাৰ লগোৱাৰ দাবী
গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ...
গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনসাধাৰণক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সোমবাৰে প্ৰায় তিনি শতাধিক ৰাইজে ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয় (APDCL) ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুতৰ লুকা-ভাকু, ২৪ ঘন্টাৰ ভিতৰত ৫ ঘন্টাই অনিয়ম বিদ্যুৎ সেৱা আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনসাধাৰণক লুণ্ঠন চলোৱাৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে সোমবাৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীৰ লগতে শ শ পুৰুষ, মহিলাই ৰাজপথেৰে সমদল কৰি আহি ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাওঁ কৰে ৷

প্ৰায় এক ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে হাতে হাত প্লে'কাৰ্ড,বেনাৰ পোষ্টাৰ লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। তাৎপৰ্যপূৰ্ণ যে ধেমাজিৰ APDCL ৰ কাৰ্য্যালয়ত সোমবাৰে এজনো বিষয়া, অভিযন্তা উপস্থিত নথকাত প্ৰতিবাদকাৰীসকলে অধিক উত্তেজিত হৈ উঠে ৷

প্ৰতিবাদকাৰীসকলে সংমণ্ডলৰ বিষয়া অভিযন্তা আহি ৰ্স্মাট মিটাৰৰ সমস্যাৰ সম্পৰ্কে বুজাই দিব লাগিব বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰাত উপস্থিত থকা সংলগ্ন ৰাজহচক্ৰ বিষয়া তথা দণ্ডাধীশ,আৰক্ষী আৰু কাৰ্য্যালয়ৰ কৰ্মচাৰীসকল উপায়হীন হৈ পৰে ৷ পিছত কাৰ্য্যালয়ৰ ছাব ৰেভিনিউ মেনেজাৰ হেমন্ত শইকীয়া নামৰ কৰ্মচাৰী জনে প্ৰতিবাদকাৰীসকলৰ সন্মুখত আহি উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে শান্ত হয়৷

উল্লেখ্য যে উৰ্ধতম বিষয়া উপস্থিত নথকাত ৰেভিনিউ কৰ্মচাৰী জনে একো উত্তৰ দিব নোৱাৰাত ৰাইজে আৰু অধিক উত্তাল প্ৰতিবাদ কৰে। শেষত দণ্ডাধীশ আৰু ধেমাজি আৰক্ষী উপ-অধীক্ষকৰ সাক্ষাতত প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগক ১০০ ঘন্টা সময় বান্ধি দিয়ে ৷

নিৰ্দিষ্ট সময়ৰ ভিতৰত বিদ্যুৎ বিভাগৰ বিষয়াক প্ৰতিবাদকাৰী প্ৰতিনিধিসকলৰ সৈতে আলোচনাত বহি বিষয়টো নিষ্পত্তি কৰিবলৈ দাবী জনায়। তেওঁলোকে ইতিমধ্যে লগোৱা ৰ্স্মাট মিটাৰ শীঘ্ৰেই খুলি আনি পুনৰ পুৰণিমিটাৰ লগোৱাৰ ব্যৱস্থা কৰা আৰু গাওঁসমূহত কোনো কাৰণতে ৰ্স্মাট মিটাৰ লগোৱা ঠিকাদাৰসকলক প্ৰবেশ নকৰিবলৈ দাবী জনায় ৷

শেষত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱেন হালৈ আৰু যদুমনি গগৈ,সাধাৰণ সম্পাদক নাৰায়ন বৰা আৰু দূৰ্গা বড়াই স্বাক্ষৰিত কৰা এখন স্মাৰকপত্ৰ ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে বিদ্যুৎ বিভাগৰ মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ...
কলকাতাত হত্যাৰ বলি হোৱা চিকিৎসৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in