ধেমাজি জিলাৰ ১০০ শতাংশ বানপানী নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান চৰকাৰৰ

ধেমাজি জিলাৰ ১০০ শতাংশ বানপানী নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান চৰকাৰৰ
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ ৮০ নং জোনাই (অনুসূচিত জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা আয়োজিত এক বিশাল গণ সমাৱেশত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। সভাত ভাষণ প্ৰদানৰ আৰম্ভণিতেই অঞ্চলবাসীৰ বাবে এটা ভাল খবৰ দিয়ে মন্ত্ৰী হাজৰীকাই।

স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, মিচিং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙীয়াৰ প্ৰস্তাৱক সমৰ্থন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলি আয়ে লিগাঙৰ স্থানীয় বন্ধ সন্দৰ্ভত পোনপটীয়াকৈ যোগাযোগ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে বৃহস্পতিবাৰে এই সভাতেই ১০ জিলাত মিচিং জনগোষ্ঠীৰ এই উৎসৱত স্থানীয় বন্ধ দিয়া হব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৮৭ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, কোনোধৰণৰ টকা-পইচা নিদিয়াকৈ নিকাভাৱে আগন্তুক ৬ মাহৰ ভিতৰত আৰু ১৫ হাজাৰ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনাগত আঢ়ৈ বছৰত আৰু ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী হাজৰীকাই।

নিৰ্বাচনৰ আন এটা প্ৰতিশ্ৰুতি অনুসৰি মহিলাৰ মাইক্ৰফাইনেঞ্চৰ ঋণ মাফৰ বাবে বেংক সমূহক প্ৰায় ২০০০ কোটি টকা চৰকাৰে ঘূৰাই দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ লাখ লাখ অৰোণোদয় আঁচনি লাভ কৰা লোকক ৰাজহুৱাকৈ কথা দিয়ে যে, অতি সোনকালে আঁচনিৰ ধন ১৪৫০ টকালৈ বৃদ্ধি কৰা হ'ব। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি নতুনকৈ ৬ লাখ মহিলাক এই আঁচনিৰ আওটালৈ অনাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

আগন্তুক সময়ত প্ৰায় ৩৩ লাখ পৰিয়ালক অৰোণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এনেদৰেই অসমৰ পৰা দুখীয়া শব্দটো নাইকিয়া কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে ৩ টকাত চাউল প্ৰদান কৰিছিল কিন্তু বিজেপি চৰকাৰে ৰাইজক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

চৰকাৰে প্ৰদান কৰা নিযুক্তি সম্পূৰ্ণ নিকা ভাৱে ৰাজ্যৰ বহু মেধা সম্পন্ন দৰিদ্ৰলোকে লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। বিজেপি চৰকাৰৰ দিনতেই জোনাই পৰা কুলাজানলৈকে ৪ লেনযুক্ত ঘাইপথ নিৰ্মাণ হৈছে। অসমৰ সকলো অঞ্চলতে ৰাস্তা-ঘাটৰ উন্নয়ন হৈছে বুলি মন্তব্য কৰি কয় যে, গহপুৰৰ পৰা জোনাইলৈকে সমগ্ৰ পথটো অতি সোনকালে ৪ লেনযুক্ত পথলৈ উন্নিত হব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

শেহতীয়াকৈ ঘোষণা কৰা কাজিৰঙাৰ এলিভেটেত কৰিডৰ নিৰ্মাণৰ কামো অতি সোণকালে আৰম্ভ হব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ধেমাজীৰ ৰাইজৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীৰ অত্যন্ত মৰম আছে বুলি মন্তব্য মন্ত্ৰী হাজৰীকাৰ। তেখেতৰ দিনতে বিগত দুবছৰত ২০০ কোটি টকাৰে জিলাখনৰ বান সমস্যাৰ ৯০ শতাংশ হ্ৰাস হৈছে বুলি মন্তব্য কৰে ৰাজহুৱা সভাত। ধেমাজিৰ প্ৰায় ১০০ শতাংশ বানপানী নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। জীয়াঢল নদীৰ শ্লুইচ গেটখনো অতি সোণকালে সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰে তেখেতে।

কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানেও ৰাজ্যত আৰু ১২খন মেডিকেল কলেজৰ কাম পুৰ্ণগতিত চলি আছে। বিগত নিৰ্বাচনত যিদৰে ৰাইজে প্ৰদান বৰুৱাক ভোট প্ৰদান কৰিছিল ঠিক সেইদৰে এইবাৰো বিজেপি প্ৰাৰ্থীক উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএচপি ব্যৱস্থা প্ৰবৰ্তন হৈছে। যাৰ ফলত ৰাজ্য কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ সভাপতি ভূপেন বৰা তথা কংগ্ৰেছ দলে মিচিং জনগোষ্ঠীৰ ৰিবি গাচেঙক ভৰিৰে গচকি যি অপমাণ কৰিলে তেনে ভুল বিজেপি, গণশক্তি, অগপ, ইউপিপিএলে কেতিয়াও নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

এইবাৰ নৱগঠিত ৰঙানদী সমষ্টিত ভূপেন বৰা আৰু ভৰত নৰহে নিৰ্বাচন খেলিবলৈ যাব বুলি মন্তব্য কৰি কয় যে, যতেই মুছলমান সকলৰ সংখ্যা বেচি তাতেই কংগ্ৰেছে নিৰ্বাচন খেলিবলৈ মন মেলে। দেশৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধামন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ আগন্তুক বিজেপি দলক ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায় মন্ত্ৰী পীযুষ হাজৰীকাই।

বৃহস্পতিবাৰৰ এই সভাত মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক ভূৱন পেগু ডাঙৰীয়া, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত ডাঙৰীয়া, গণশক্তি জোনাই জিলাৰ সভাপতি মোলাকান্ত পেগু ডাঙৰীয়া, অগপ জোনাইৰ সভাপতি মূহিকান্ত কুটুম ডাঙৰীয়া তথা আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ধেমাজি জিলাৰ ১০০ শতাংশ বানপানী নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান চৰকাৰৰ
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ গাঁও সভাত আঁচনি গ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in