ডিজিটেল সংবাদ, ধেমাজিঃ বিভিন্ন সময়ত মাহ-প্ৰসাদ খাই বহু লোক অসুস্থ হোৱাৰ খবৰে সংবাদ শিৰোনাম দখল কৰি আহিছে । শুকুৰবাৰে পুনৰ তেনেই এক ঘটনা সংঘটিত হৈছে ধেমাজি জিলাত । ডেকাপামত মাহ-প্ৰসাদ খাই অসুস্থ হৈ পৰিছে তিনিকুৰি লোক । আটাইকে প্ৰেৰণ কৰা হৈছে জিলাখনৰ অসামৰিক চিকিৎসালয়লৈ।
ডেকাপামৰ শান্তিপুৰ নামঘৰত বুধবাৰে আঞ্চলিক ভাগৱত পাঠ অনুষ্ঠিত হৈছিল। নামঘৰত নাম প্ৰসংগৰ অন্তত পৰিৱেশন কৰা হৈছিল মাহ-প্ৰসাদ। পিছে মাহ-প্ৰসাদ খাই লাগিল মহা অথন্তৰ। প্ৰসাদ খোৱাৰ পিছতেই বিষক্ৰিয়া হৈ তিনি কুৰিতকৈ অধিক ভকত-বৈষ্ণৱ হৈ পৰিল অসুস্থ ।
আক্ৰান্ত লোকসকলক ডেকাপাম প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিবিৰ পাতি প্ৰাথমিক চিকিৎসা আগবঢ়োৱা হয় । এজন সংকটজনক অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।
Also Read: পানীখাইটিত RPFক বিহ পান কৰা কথা কৈ সহায় বিছাৰিছিল বিমান ৰয়ে...