ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক আৰু অষ্টম দ্বি-বাৰ্ষিক ধেমাজি জিলাৰ অধিবেশনখনি অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলত চিলাপথাৰত অনুষ্ঠিত হ'ব । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা অধিবেশনৰ লাইখুটা দেওবাৰে মাংগলিক কাৰ্যসূচীৰ মাজেৰে স্থাপন কৰে বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ।
পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণ, আয়তীৰ উৰুলি, শংখ ঘণ্টা শব্দৰে ৰজন জনোৱা এক পৰিৱেশৰ মাজত লাইখুঁটা স্থাপন কৰা হয় । ইফালে লাইখুটা স্থাপনৰ পূৰ্বে নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উন্মোচন কৰে সাংসদ বিধায়কে । উদূলি-মূদুলি হৈ পৰে ভৈৰৱপুৰ নেতাজী সমন্ধয় ক্ষেত্ৰ । ইয়াৰ পিছতে নেতাজী সমন্ধয় ক্ষেত্ৰত মুকলি বাবে বাঙালী ধামাইল, ঐনিতম, সোণোৱাল কছাৰী হুঁচৰি, বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।
বাঙালী সকলৰ ডি-ভোটাৰ, বিদেশী সমস্যাকে ধৰি হিন্দু-বাঙালীৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচ্য বিষয় হিচাপে অধিবেশনত গুৰুত্ব লাভ কৰিব বুলি বাঙালী ফেডাৰেচনৰ সভাপতি দীপক দে ই সদৰি কৰে ।
লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত সাংসদ প্ৰদান বৰুৱা বিধায়ক ভূৱন পেগুয়ে বিভিন্ন জাতি জনগোষ্ঠীয় ঐক্য সমন্ধয়ৰ এক বাৰ্তা অসমবাসীক প্ৰেৰণ কৰিবলৈ আয়োজন কৰা এই অধিবেশনখনি সফল ৰূপায়নৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা কামনা কৰে। অনুষ্ঠানত বাঙালী ফেডাৰেচনৰ কৰ্ম-কৰ্তাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতাকৰ্মীৰ লগতে ৭ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ।
Also Read: অসমীয়াৰ পদূলিত চেনেহৰ ব’হাগঃ তাৰকা কণ্ঠশিল্পীৰ আমন্ত্রণেৰে বেংগালুৰুত ৰঙালীৰ আয়োজন...