ডিজিটেল সংবাদ ধেমাজি: অসমৰ দ্বিতীয় বৃহৎ জনজাত মিচিং সকলৰ স্বশাসনৰ বাবে গঠিত মিচিং স্বায়ত্বশাসিত পৰিষদৰ বতৰ্মানৰ নতুন সমষ্টি সীমা নির্ধাৰণক লৈ উত্থাপন কৰা অভিযোগ উদ্দেশ্য প্রণোদিত আৰু অপ্রাসংগিক বুলি উল্লেখ কৰিছে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। বুধবাৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ গোগামুখৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেলত অংশগ্ৰহণ কৰি চায়েঙীয়া এই বিষয়ে মন্তব্য কৰে।
তেওঁ কয় যে, লিখিত প্রস্তাৱ অবিহনে এখনো অনা মিচিং গাওঁ অন্তর্ভুক্ত হোৱা নাই মিচিং স্বায়ত্বশাসিত পৰিষদত। অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিং সকলৰ ক'লা সংস্কৃতি, শৈক্ষিক, আর্থ- সামাজিক তথা সর্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা মিচিং স্বায়ত্বশাসিত পৰিষদ ২০১৩ চনৰ পৰা মিচিঙৰ লগতে আহোম, গোর্খা আৰু বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিৰে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে নির্বাচিত হৈ গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে।
মিচিং স্বায়ত্বশাসিত পৰিষদখনত আহোম, গোর্খা আৰু বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে প্রতিনিধিত্ব কৰিছে যদিও পৰিষদৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি- জনগোষ্ঠীক সম-অধিকাৰ, সম-মর্যদা আৰু সম-উন্নয়নৰ লক্ষ্য উদ্দেশ্যেৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে পৰিষদৰ পুঁজি প্ৰদান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদৰ নামত আৱন্তিত হোৱা সীমিত পুঁজিক সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নত ব্যয় কৰাৰ স্বত্বেও উদ্দেশ্য প্রণোদিত ভাৱে একাংশ জাতীয় সংগঠন নামধাৰি সংগঠনে পৰিষদক বাৰে বাৰে বিতৰ্কৰ মাজলৈ টানি অনা বিষয়টো গৰিহণাৰ যোগ্য।
অসমৰ যি সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীক ছিন্ন-বিছিন্ন কৰিব খোজা তথাকথিত সংগঠনসমূহক এনে কাৰ্য্যৰ পৰা বিৰত থকাৰ লগতে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সম-অধিকাৰ, সম-মর্যদা, সম-উন্নয়নৰ লক্ষ্য উদ্দেশ্যত আঘাত সনাৰ অপচেষ্টা নকৰিবলৈ তেওঁ আহ্বান জনায় ৷ তেওঁ এই বিষয়ে দৃষ্টিগোচৰ হোৱাৰ কথা উল্লেখ কৰি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে নাম প্রকাশ নকৰা একাংশ দল সংগঠনে মিচিং স্বায়ত্বশাসিত পৰিষদৰ নৱ-নিৰ্ধাৰিত সীমাক লৈ বিভিন্ন আপত্তিজনক সংবাদ বিবৃতি প্রকাশ কৰিছে।
তেওঁ পৰিষদৰ তৰফৰ পৰা ৰাইজক স্পষ্ট কৰি দিয়ে যে, অসম চৰকাৰৰ সম্পূৰ্ণ আইনী বিধি, বিধানৰ মাজেৰে ৰাজহ গাঁৱসমূহ অন্তর্ভুক্ত হৈছে। ৰাজহ গাঁৱ কোনো জনগোষ্ঠীৰ ভিত্তিত গঠন কৰা হোৱা নাই। ৰাজহ গাঁৱৰ একাধিক জনগোষ্ঠী অন্তর্ভুক্ত হোৱাটো কোনো অস্বাভাৱিক নহয়। তেনেস্থলত মিচিং সকলকহে অন্তৰ্ভূক্ত কৰা হ'ব। কোনো এখন ৰাজহ গাঁৱ লিখিত আবেদন অবিহনে পৰিষদত অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু নহয় বুলি স্পষ্ট কৰি দিয়ে।
ইতিমধ্যে অন্তর্ভুক্ত হোৱা গাওঁসমূহ লিখিত আবেদন অনুসৰিহে অন্তৰ্ভুক্ত কৰা হৈছে আৰু ভৱিষ্যতেও হ'ব পাৰে বুলি উল্লেখ কৰে ৷ যিসকলে আপত্তি দর্শাইছে সেই সকলক আমন্ত্রণ জনাই এক আনুষ্ঠানিক আলোচনা কৰা হ'ব ৷
পৰিষদৰ নতুন সীমাক লৈ যি বিতর্ক তথা অভিযোগ উত্থাপন কৰা হৈছে সেই অভিযোগ সম্পূর্ণ অ-সাংবিধানিক আৰু অপ্রাসংগিক বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷ আজিৰ সংবাদমেলত মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল পেগু উপস্থিত থাকি কয় যে, লিখিত প্রস্তাৱ অবিহনে এখনো অনা মিচিং গাওঁ অন্তর্ভুক্ত হোৱা নাই মিচিং স্বায়ত্বশাসিত পৰিষদত।
Also Read: বোকাজানত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ...