ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু নৰেন্দ্ৰ মোডীৰ সৈতে ধেমাজিৰ কন্যাৰ নৈশ ভোজ...

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু নৰেন্দ্ৰ মোডীৰ সৈতে ধেমাজিৰ কন্যাৰ নৈশ ভোজ...
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু নৰেন্দ্ৰ মোডীৰ সৈতে ধেমাজিৰ কন্যাৰ নৈশ ভোজ...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’য়ে আয়োজন কৰা ৰাজকীয় নৈশ ভোজলৈ নিমন্ত্ৰিত হৈছে ধেমাজি জিলাৰ বৰদলনিৰ জীয়ৰী তথা সম্প্ৰতি পেৰিছত মহাকাশ বিজ্ঞানী হিচাপে কৰ্মৰত প্ৰিয়ংকা দাস ৰাজকাকতি ৷

অসমীয়া পৰম্পৰাগত মুগাৰ সাজেৰে বিদেশত নৈশ ভোজত অংশ লোৱা অসম কন্যা প্ৰিংয়কাৰ এনে উপস্থিতিয়ে কেৱল ধেমাজি বাসীকেই নহয় সমগ্ৰ অসমবাসীকেই উৎফুল্লিত কৰি তুলিছে ৷ উল্লেখ্য যে, বিভিন্ন ক্ষেত্ৰৰ বচা বচা ২৫০ গৰাকী অতিথিক নিমন্ত্ৰণ কৰা এই নৈশ ভোজলৈ অসম কন্যা প্ৰিয়ংকাই নিমন্ত্ৰন লাভ কৰাত সমগ্ৰ ধেমাজিবাসীৰ লগতে গৌৰৱ অনুভৱ কৰিছে প্ৰিয়ংকাৰ ধেমাজিৰ বৰদলনিৰ ঘৰখনে৷

প্ৰিয়ংকাৰ পিতৃ কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা যদিও বৰ্তমানেও প্ৰিয়ংকাৰ আইতাক আৰু পৰিয়ালসহ খুৰাক বাস কৰে বৰদলনি ঘৰখনত ৷ বিদেশত কৰ্মৰত অসম জীয়ৰীয়ে এনেদৰে বিশ্বৰ দুখন শক্তিশালী ৰাষ্ট্ৰৰ মুৰব্বীৰ সৈতে নৈশ ভোজলৈ নিমন্ত্ৰন লাভ কৰাত নিঃসন্দেহে অসম বাসীৰ বাবে এক গৌৰৱৰ বিষয় হৈ পৰিছে ৷

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু নৰেন্দ্ৰ মোডীৰ সৈতে ধেমাজিৰ কন্যাৰ নৈশ ভোজ...
ষ্ট্ৰোকত আক্ৰান্ত হৈ এপল'ত চিকিৎসাধীন অভিনেতা ৰূপম বৰুৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in